মুকলি অনুষ্ঠানৰ পূৰ্বে বটদ্ৰৱা প্ৰকল্প স্থলীত যুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
নগাঁও:
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত নিৰ্মাণ হোৱা বটদ্ৰৱা প্ৰকল্প শুভ উদ্বোধন কৰিবলৈ অহা ২৯ ডিচেম্বৰত বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰত নিৰ্মাণ হোৱা বটদ্ৰৱা প্ৰকল্পৰ কামৰ বুজ লবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।উল্লেখ্য যে, ২৯ ডিচেম্বৰত বটদ্ৰৱাত উপস্থিত হৈ মাংগলিক অনুষ্ঠানৰ মাজেৰে নামকীৰ্তন, গায়ন বায়নৰ অনুষ্ঠানৰ মাজেৰে ৰাইজৰ বাবে মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। দুহেজাৰ গায়ন বায়ন আৰু আয়তীৰ নামকীৰ্ত্তনৰে অমিত শ্বাহক আদৰনি জনোৱা হব। ৬০ হেজাৰ ভক্ত বৈষ্ণৱ, আইমাতৄৰ উপস্থিতিত অনুষ্ঠিত হব লগিয়া এই বিশেষ অনুষ্ঠানৰ পূৰ্বে আজি বটদ্ৰৱাৰ প্ৰকল্পস্থলীত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ লগতে মন্ত্ৰী পিযুষ হাজৰিকা বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, ৰমাকান্ত দেউৰী আৰু শশীকান্ত দাস উপস্থিত হয়।