...

ডিব্ৰুগড়ত বিচিপিএলৰ সংবাদমেল

Spread the love

ডিব্ৰুগড়ত বিচিপিএলৰ সংবাদমেল

১১৩ শতাংশলৈ উৎপাদন বৃদ্ধি পলিমাৰ

বিচিপিএলত বৰ্তমানে ৬০১ জন কৰ্মী নিয়োজিত

প্ৰায় ২,৫০০ ঠিকাভিত্তিক শ্ৰমিক

চাইন অন ডেস্ক:

৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত লাভ কৰা দেশৰ অন্যতম ৰাজহুৱা খণ্ডৰ পলিমাৰ খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ পলিমাৰ উৎপাদন ক্ষমতা ১১৩ শতাংশলৈ বৃদ্ধি পাইছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ৩ লাখ মেট্ৰিক টন পলিমাৰ উৎপাদন কৰিছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে। পেট্ৰকেমিকেল খণ্ডত দেখা দিয়া প্ৰৱল প্ৰত্যাহ্বানৰ মাজতো ১১৩ শতাংশ পলিমাৰ উৎপাদনেৰে লাভজনক উদ্যোগলৈ পৰিণত হৈছে বিচিপিএল। আজি ডিব্ৰুগড় চিগনেট ইনত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা জানিবলৈ দিছে বিচিপিএলৰ পৰিচালন সঞ্চালক প্ৰাঞ্জল চাংমাইয়ে। সংবাদ মাধ্যমক সম্বোধন কৰি বিচিপিএলৰ পৰিচালন সঞ্চালক চাংমাইয়ে জানিবলৈ দি কয়, বিত্তীয় দিশৰ পৰাও বিচিপিএলে উল্লেখযোগ্য সফলতা লাভ কৰিছে। কোম্পানীটোৱে নিজ উৎপাদনৰ পৰা ৩৫৭৯.২০ কোটি টকাৰ ৰাজহ আহৰণ কৰিবলৈ সক্ষম হয়। আনহাতে ২০২৫ চনৰ ৩১ মাৰ্চলৈ বিচিপিএলৰ জমা ধনৰ পৰিমাণ আছিল ৩,০১৭ কোটি টকা। প্ৰাঞ্জল চাংমাইয়ে লগতে জানিবলৈ দি কয়, পলিমাৰৰ মূল্য হ্ৰাস পোৱাৰ বাবে ভাৰতীয় পেট্ৰ’কেমিকেল উদ্যোগে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। য’ত সমগ্ৰ ঘৰুৱা খণ্ডত যথেষ্ট প্ৰভাৱ পেলাইছে। একে সময়তে কেঁচা সামগ্ৰীৰ দাম বৃদ্ধি পাই অহাত ব্যৱসায়িক ক্ষেত্ৰখনতো যথেষ্ট প্ৰভাৱ পেলাইছে। এই প্ৰত্যাহ্বানমূলক পটভূমিৰ মাজতো বিচিপিএলে কাৰ্য্যকৰী দক্ষতা আৰু পূৰ্বৰ অৱস্থালৈ উভতাই অনাৰ ক্ষেত্ৰত কৌশলগত মনোনিৱেশ বজাই ৰাখিছে আৰু ধাৰাবাহিকভাৱে উদ্যোগটোক সৰ্বোচ্চ ক্ষমতাৰে বৰ্তাই ৰখাত গুৰুত্ব দিয়া হৈছে। সম্প্ৰতি বিচিপিএলত বৰ্তমান ৬০১ জন কৰ্মী নিয়োজিত হৈ আছে। আৰু প্ৰায় ২,৫০০ ঠিকাভিত্তিক শ্ৰমিকক নিয়োজিত কৰা হৈছে ডিব্ৰুগড়ৰ লেপেটকটাত অৱস্থিত ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানটোত। আনহাতে থলুৱা নিযুক্তিৰ দিশটো অধিক অগ্ৰাধিকাৰ দিয়াৰ কথা সদৰি কৰিছে বিচিপিএলৰ পৰিচালন সঞ্চালকে। দক্ষতা বিকাশক অধিক সহায় কৰি বছৰটোৰ ভিতৰত একাধিক কাৰিকৰী আৰু পৰিচালনা শাখাৰ ৬৯ জন অষ্টম বেটচৰ শিক্ষানবিচ অন্তৰ্ভুক্ত কৰা হয়।

বিচিপিএলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিষ্ঠানটোৰ আৰ্থ-সামাজিক প্ৰভাৱৰ ওপৰত এক অধ্যয়ন চলাই আছে। প্ৰাথমিক তথ্যই ইংগিত দিয়ে যে বিচিপিএলে প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা মাধ্যমেৰে নিয়োগ সৃষ্টিত যথেষ্ট অৰিহণা যোগাইছে। একেটা সংবাদমেলত বিচিপিএলৰ পৰিচালন সঞ্চালকে জানিবলৈ দি কয়, সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত বিচিপিএলে স্বাস্থ্যসেৱা, শিক্ষা, গ্ৰাম্য আন্তঃগাঁথনি, ক্ৰীড়া, অনাময়, আৰু দক্ষতা/জীৱিকা উন্নয়নৰ দৰে পদক্ষেপসমূহ সক্ৰিয়ভাৱে ৰূপায়ণ কৰি আহিছে। ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা বিচিপিএলে সামাজিক দায়বদ্ধতা কাৰ্যকলাপৰ বাবে ৭৬.৩৫ কোটি টকা আবণ্টন দিছে। আনহাতে ইয়াৰে ৮০ শতাংশ ইতিমধ্যে ব্যৱহাৰ কৰা হৈছে। মুখ্য পদক্ষেপসমূহৰ ভিতৰত আছে অসম চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণ, ডিব্ৰুগড় জিলাৰ বিভিন্ন বিদ্যালয়ত বিশুদ্ধ খোৱাপানী, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নীতকৰণ, বৰবৰুৱাৰ প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰ উন্নীতকৰণ, দুৰ্গম অঞ্চল তথা গাঁৱসমূহৰ জৰিয়তে স্বাস্থ্যসেৱা সেৱা আগবঢ়োৱা মোবাইল মেডিকেল ইউনিট আদিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও বিচিপিএলে নিবনুৱা যুৱক-যুৱতী আৰু আত্মসহায়ক গোটৰ বাবে জীৱিকা উৎপাদনত সহায় কৰিছে। ইফালে বৰবৰুৱাত বহুমহলীয়া বজাৰগৃহ নিৰ্মাণৰ কথাও সংবাদমেলত জানিবলৈ দিছে। সমান্তৰালভাৱে বিচিপিএলে পৰিৱেশ বহনক্ষমতাৰ প্ৰতি দায়বদ্ধ হৈ আছে আৰু নেট জিৰো ৰোডমেপ প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰিছে। সুৰক্ষাক মূল অগ্ৰাধিকাৰ হিচাপে লৈ বিচিপিএলে আইএছঅ’ ৩১০০০ৰ সৈতে সংযুক্ত এক বিস্তৃত এইচএছই নীতি, এছ অ’ পি, অ’ এণ্ড এম নিৰ্দেশনা আৰু উদ্যোগৰ বিপদ ব্যৱস্থাপনাৰ জৰিয়তে নিৰাপদ পদ্ধতিৰ ব্যৱস্থাক শক্তিশালী কৰে, য’ত এতিয়া ইএছজি কাঠামোৰ সৈতে সংযুক্ত হৈ আছে। আন্তঃগাঁথনি সম্প্ৰসাৰণ প্ৰকল্প বুটেন-১ আৰু এইচ পি জি-২, য’ত ২৮১৭.৯২ কোটি টকাৰ সংযুক্ত বিনিয়োগ চলি আছে আৰু অহা বছৰ কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে। নিৰ্ভৰযোগ্য কেঁচা সামগ্ৰীৰ জটিল প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিচিপিএলে দীৰ্ঘম্যাদী কাৰ্য্যকৰী বহনক্ষমতা নিশ্চিত কৰিবলৈ বৈচিত্ৰময় উৎস কৌশল আৰু শক্তিশালী যোগান শৃংখলৰ কাঠামো অনুসৰণ কৰি আছে। আজিৰ সংবাদমেলত বিচিপিএলৰ চি ই অ’ জয়ন্ত পাংগিং, বিত্তীয় সঞ্চালক জয়ন্ত পাংগিং, উপ-মহা প্ৰৱন্ধক (মানৱ সম্পদ) জয়ন্ত বৰুৱা আদিকে ধৰি ভালেসংখ্যক বিষয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *