...

বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উৎসৱৰ আয়োজনৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন

Spread the love

 

বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উৎসৱৰ আয়োজনৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন

নগাঁও :-

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত ১৯৫০ চনতে স্থাপিত হোৱা বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্জল ৭৫বৰ্ষত ভৰি দিলে। এই উপলক্ষে বছৰযোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে মহাৰজত জয়ন্তী অনুষ্ঠানৰ । মহাৰজত জয়ন্তী উৎসৱটি অহাবছৰ ১৬,১৭ আৰু ১৮জানুৱাৰীত অনুষ্ঠিত হ’ব। ৰবিবাৰে মহাৰজত জয়ন্তী উৎসৱ আয়োজনৰ বাবে এখনি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা ১০-৩০ বজাত পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উপেন বায়নে আৰু বন্তি প্ৰজ্বলন কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। এজোপা নাহৰ পুলি ৰোপন কৰে প্ৰাক্তন ছাত্ৰ তথা শিক্ষক দীপাংকৰ গিৰি দেৱ গোস্বামীয়ে। ইয়াৰ পিছতে লংকা বি এড কলেজৰ অধ্যক্ষ ড০ মুস্তাফিজুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত প্ৰাক্তন ছাত্র-ছাত্ৰীৰ মত বিনিময় অনুষ্ঠানত বহুকেইগৰাকী বিদ্যালয়ত পঢ়ি থকা সময়ৰ পুৰণি স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে। উল্লেখ্য যে বহু পুৰণি বন্ধু সকলক পাই আলিংগন কৰি ইজনে সিজনক স্মৃতিবোৰ ৰোমন্থন কৰে। অনুষ্ঠানৰ মাজতে বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ দ্বাৰা বৰগীত,দিহা নাম, জিকিৰ-জাৰি পৰিৱেশন কৰে। মত বিনিময় অনুষ্ঠানটোত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট চিকিৎসক প্ৰদীপ কুমাৰ দেৱ মহন্ত,ইন্দ্ৰমোহন বৰুৱা,ধিং বিদ্যুৎ উপ সংমণ্ডল বিষয়া মঞ্জুৰুল হক,বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ উপ পৌৰপতি সভাপতি হিৰণ্য কলিতাকে আদি কৰি বহু কেইগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ জ্যোতি মহন্ত আৰু বিদ্যালয়খনৰ অধ্যক্ষা হীৰামণি বৰুৱাকে আদি কৰি শিক্ষক-শিক্ষয়ত্ৰীসকল উপস্থিত আছিল। আজিৰ সভাখনতেই ড০ মুস্তাফিজুৰ ৰহমানক সভাপতি,নবী হুছেইন,ৰাব্বুল ইছলামক উপ-সভাপতি,ভাস্কৰ বৰাক সম্পাদক,ফকৰ উদ্দিন,ফজলুল ইছলামক সহ-সম্পাদক আৰু আৰিফুল বাহাৰক বিত্ত সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *