...

এসপ্তাহত চাৰিজনীয়া পৰিয়ালৰ তিনি গৰাকীৰ মৃত্যু

Spread the love

বৰপেটাৰ মন্দিয়া পুৰনি বস্তিত মৰ্মান্তিক ঘটনা !

এসপ্তাহত চাৰিজনীয়া পৰিয়ালৰ তিনি গৰাকীৰ মৃত্যু

জীৱন মৃত্যুৰে যুঁজিছে: এগৰাকীয়ে চিকিৎসালয়ৰ ICU

পৰিয়ালটিৰ মৃত্যুৰ আৰঁৰ ৰহস্য আৰু তদন্তৰ দাবীত ৰাইজ শিক্ষাৰ্থীৰ সমদল

চাইন অন ডেস্কঃ

বৰপেটাৰ মন্দিয়াত সমদলেৰে ৰাইজৰ উত্তাল প্ৰতিবাদ। মন্দিয়া আঞ্চলিক কলেজৰ সন্মুখৰ পৰা বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ সচেতন ৰাইজ আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণৰে আৰম্ভ কৰে এই প্ৰতিবাদী সমদল।

উল্লেখযোগ্য যে যোৱা ৬ দিন পূৰ্বে মন্দিয়া পুৰণি বস্তিৰ বীৰেন দাসৰ পৰিয়ালৰ তিনি গৰাকী সদস্যৰ ৰহস্যজনক মৃত্যু হৈছিল।জানিব পৰা মতে চাৰিজনীয়া বীৰেন দাসৰ পৰিয়ালটিৰ প্ৰথমাৱস্থাত বীৰেন দাসৰ চিকিৎসাত মৃত্যু ঘটে আৰু পিছতেই চিকিৎসাধীন অৱস্থাতে পুত্ৰ প্ৰানজিৎ দাসে ও মৃত্যুক আকোঁৱালি লয়। তাৰ পৰৱৰ্তী সময়ত অৰ্থাৎ যোৱা শুক্ৰবাৰৰ নিশা ঘৰ খনৰ তৃতীয় গৰাকী সদস্য তথা বীৰেন দাসৰ ঘৈনীয়েক জ্যোৎস্না দাসৰো চিকিৎসালয়তেই মৃত্যু ঘটে।

অৱশ্যে ঘৰৰ খনৰ অন্তিম গৰাকী সদস্য তথা বীৰেন দাসৰ কন্যা পূৰ্ণিমা দাসৰ অৱস্থাও সম্প্ৰতি অতি সংকটজনক হোৱাত বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ICU ত সম্প্ৰতি জীৱন মৃত্যুৰে যুঁজি আছে পূৰ্ণিমা দাস।

খাদ্যৰ বিষক্ৰিয়া হোৱাৰ বাবেই এই আকস্মিক মৃত্যু হোৱাৰ সন্দেহ কৰিছিল সকলোৱে। কিন্তু প্ৰকৃতে কি কাৰণত পৰিয়ালটি নিঃশেষ হৈ গ’ল তাৰ আজিকোপতি বিভাগীয় ভাৱে কোনো সুদত্তৰ নপালে বীৰেন দাসৰ আত্মীয় তথা স্থানীয় বাসিন্দাই। সেয়ে বীৰেন দাসসহ তেওঁৰ পৰিয়ালৰ বাকী দুগৰাকী সদস্যৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি আজি শ শ ৰাইজ আৰু শিক্ষাৰ্থীয়ে বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰা পৰিলক্ষিত হয়।

প্ৰতিবাদকাৰী সকলে বীৰেন দাসৰ পৰিয়ালৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু ন্যায়ৰ দাবীত চক্ৰ বিষয়া তন্ময় ঘোষৰ জৰিয়তে জিলা আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।আনহাতে বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ICU ত জীৱন মৃত্যুৰে যুঁজি থকা মৃত্যু বীৰেন দাসৰ কন্যা পূৰ্ণিমা দাসৰ উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী তথা প্ৰশাসনক অনুৰোধ জনাইছে প্ৰতিবাদ কাৰী সকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *