...

বঢ়মপুৰত দিনযোৰা কাৰ্য্যসূচীৰে মন্ত্ৰী পীয়ুষ হাজৰিকা

Spread the love

বঢ়মপুৰত দিনযোৰা কাৰ্য্যসূচীৰে মন্ত্ৰী পীয়ুষ হাজৰিকা

 

পাঁচটাকৈ স্থানত শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ

চাইন অন ডেস্ক:

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিত বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে উপস্থিত হয়হি মন্ত্ৰী পীয়ুষ হাজৰিকা।কেইবাটাও উন্নয়নমূলক কাৰ্য্যসূচী লৈ উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে পোন প্ৰথমতে কামপুৰ ৰেলৱে কলনীৰ পাৰ্কৰ শুভ উদ্বোধন কৰে।ইয়াৰ পিছতে সমষ্টিটোৰ অধীনৰ ননৈত সমষ্টিৰ তৃতীয়খন মামা বজাৰৰ শুভ উদ্বোধন কৰে।ইয়াৰ পিছতে পুৰণিগুদাম গড়মূৰত পুৰণিগুদাম চাপানালা জলপ্ৰপাতৰ মূল আদৰণি তোৰণৰ শুভ উদ্বোধন কৰে।এই কাৰ্য্যসূচীৰ পিছতে সমষ্টিটোৰ অধীনৰ অতি ভিতৰুৱা অঞ্চল চাপানালাৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আঠ কোটি টকা ব্যয়ৰে নিৰ্মাণ হৈ উঠা বিদ্যালয় গৃহৰ শুভ উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে।বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক লগত লৈ মন্ত্ৰী গৰাকীয়ে বঢ়মপুৰ সমষ্টিৰ অধীনত শেষৰটো কাৰ্য্যসূচী ৰূপায়ন কৰে চাপানালা চম্পাৱতী জলপ্ৰপাতৰ সমীপত।চাহ বাগিছাৰ জনসাধাৰণে বিভিন্ন অনুষ্ঠান ৰূপায়ন‌ কৰিব পৰাকৈ নিৰ্মাণ কৰি উলিওৱা জগন্নাথ কমিউনিটি চেণ্টাৰ মুকলি কৰে মন্ত্ৰী গৰাকীয়ে।মন্ত্ৰী গৰাকীয়ে শুভ উদ্বোধন কৰা পাঁচটাকৈ বিভিন্ন কামৰ অনুষ্ঠানত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে।বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে বিগত পাঁচ বছৰত কৰা বিভিন্ন উন্নয়নমূলক কাম কাজে সমষ্টিটো বহুদূৰ আগুৱাই লৈ গৈছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে আগন্তুক নিৰ্বাচনত বিধায়ক জিতু গোস্বামীক আশীৰ্বাদ দিবলৈ আহ্বান জনায়।ইফালে প্ৰতিখন ৰাজহুৱা সভাত মন্ত্ৰী গৰাকীয়ে চৰকাৰে জনসাধাৰণৰ বাবে কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে।বিশেষকৈ মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰখনে কৰা কাম কাজৰ কথা উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। উল্লেখযোগ্য যে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ২০২১ চনত বঢ়মপুৰ সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সমষ্টিৰ প্ৰতিটো স্থানতে উন্নয়ন মূলক কাম কৰাৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যি সমূহ এলেকা বঢ়মপুৰ সমষ্টিৰ অধীনলৈ আহিছে সেই সমূহ‌এলেকাটো উন্নয়নমূলক কাম কৰিছে।আজি শুভ উদ্বোধন হোৱা চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত গৃহটোয়ে চাপানালাৰ শৈক্ষিক দিশত এক নতুন দিগন্তৰ সূচনা কৰিব।১৯৫৯ চনতে স্থাপিত বিদ্যালয়খনে চাপানালাৰ শৈক্ষিক দিশত এক বলিষ্ঠ ভূমিকা পালন কৰি আহিছে যদিও বৰ্তমান সময়ত ন শতাধিক ছাত্ৰ ছাত্ৰীৰে পৰিপূৰ্ণ বিদ্যালয় খনত শ্ৰেণীকোঠাৰ অভাৱ হৈ পৰিছিল।বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ তৎপৰতাত নিৰ্মাণ হৈ উঠা বিদ্যালয় খনৰ আধুনিক শ্ৰেণী কোঠাই এতিয়া চাপানালাৰ শৈক্ষিক দিশ‌ বহুদূৰ আগুৱাই লৈ যাব বুলি আশাবাদী চাপানালা বাসী ৰাইজৰ লগতে বিদ্যালয় খনৰ অধ্যক্ষা পাৰুল গায়ন,শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ, ছাত্ৰী সকল। দিনযোৰা কাৰ্য্যসূচীত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰাকে ধৰি দলীয় কৰ্মী সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *