প্ৰথিতযশা সাহিত্যিক ড০ নগেন শইকীয়ালৈ ‘বৰেণ্য অসমীয়া বঁটা’
*চাইন অন ডেস্ক:*
নৱবৰ্ষৰ প্ৰাকক্ষণত প্ৰথিতযশা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াক প্ৰদান কৰিলে বৰেণ্য অসমীয়া বঁটা। প্ৰাগ নিউজ আৰু দৈনিক জনমভূমি পৰিয়ালে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২৬ বৰ্ষৰ এই বঁটা বিশিষ্ট সাহিত্যিকগৰাকীক প্ৰদান কৰে প্ৰাগ নিউজ আৰু দৈনিক জনমভূমিৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়নে। এই বঁটাত আছে মান পত্ৰ আৰু ৫০ হেজাৰ টকাৰ এখন চেক। ডিব্ৰুগড় মহানগৰৰ জীৱন ফুকন নগৰস্থিত বাসগৃহত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰি 
