...

দুৰ্বৃত্তৰ হাতত নিহত উত্তম গগৈৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্তৰ দাবী

Spread the love

 

দুৰ্বৃত্তৰ হাতত নিহত উত্তম গগৈৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্তৰ দাবী

 

টাই আহোম সংগঠন সহ স্থানীয় গাওঁ,ব্যৱসায়ী সন্থাৰ খোৱাং সমজিলা আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ

চাইন অন ডেস্ক:

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰবৰুৱা লাহন গাঁৱৰ দুৰ্বৃত্তৰ হাতত নিহত উত্তম গগৈ ওৰফে চেং কাই নাম ব্যৱসায়ী গৰাকীৰ মৃত্যুৰ তদন্তৰ দাবীত বৰবৰুৱা আৰক্ষী থানাত খোৱাং সমজিলা আৰক্ষী অধীক্ষকৰ হাতত টাই আহোম যুৱপৰিষদ ডিব্ৰুগড় জিলা সমিতি,টাই আহোম ছাত্ৰ সন্থা বৰবৰুৱা আঞ্চলিক সমিতি, বৰবৰুৱা ব্যৱসায়ী সন্থা, আৰু বৰবৰুৱাৰ লাহন গাঁৱৰ ৰাইজে স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখ্য যে যোৱা ২৫ জুলাই শুকুৰবাৰে বৰবৰুৱা লাহন গাঁৱৰ নিৰ্বাসী, তথা বৰবৰুৱাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী উত্তম গগৈ ওৰফে চেং কাই নামৰ ব্যক্তি গৰাকীক নিজৰ বাসগৃহৰ শোৱনি কোঠাত হত্যা কৰি থৈ যোৱাৰ পিছত মৃতদেহ উদ্ধাৰ হৈছিল।

এই সম্পৰ্কে বৰবৰুৱা আৰক্ষী থানাত ২৭জুলাইত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল। টাই আহোম যুৱপৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিকাশ বৰুৱা, যুটীয়া সম্পাদক জিন্টু দিহিঙ্গীয়া,টাই আহোম ছাত্ৰ সন্থা বৰবৰুৱা আঞ্চলিক সমিতিৰ সভাপতি নিতু দিহিঙ্গীয়া, সম্পাদক সুপ্ৰতিম চেতিয়া , প্ৰমুখ্যে বৰবৰুৱা ব্যৱসায়ী সন্থাৰ সভাপতি দীপ গগৈ আৰু বৰবৰুৱা লাহন গাঁৱৰ ৰাইজে পৃথকে পৃথকে বৰবৰুৱা লাহন গাঁৱৰ দুৰ্বৃত্তৰ হাতত নিহত উত্তম গগৈৰ লোমহৰ্ষক হত্যাকাণ্ডৰ প্ৰশাসনিক ব্যৱস্থাৰে তদন্ত কৰি হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ দাবী জনায়।

স্মাৰক পত্ৰ খনত টাই আহোম যুৱপৰিষদ ডিব্ৰুগড় জিলা সমিতি ,টাই আহোম ছাত্ৰ সন্থা বৰবৰুৱা আঞ্চলিক সমিতি , বৰবৰুৱা ব্যৱসায়ী সন্থা আৰু বৰবৰুৱা লাহন গাঁৱৰ ৰাইজে ২৭জুলাইৰ এজাহাৰ দিয়াৰ পিছতো কিয় বৰবৰুৱা আৰক্ষীয়ে হত্যাকাণ্ডৰ তদন্ত কৰি দোষীক কৰায়ত্ত কৰিব পৰা নাই বুলি অভিযোগ প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *