প্ৰাধ্যাপক ড° কল্যাণ ভূঞাৰ অনূদিত উপন্যাস ‘বালি -সমাধি’
উপাচাৰ্য প্ৰাধ্যাপক ড° জিতেন হাজৰিকাৰ উন্মোচন
চাইন অন ডেস্ক:

উল্লেখ্য যে ড° ভূঞাই শেহতীয়াকৈ অসমীয়ালৈ অনুবাদ কৰে ২০২২ বৰ্ষৰ আন্তৰ্জাতিক বুকাৰ বঁটা প্ৰাপ্ত লেখিকা গীতাঞ্জলি শ্ৰীৰ ‘ৰেত সমাধি’ নামৰ প্ৰসিদ্ধ উপন্যাসখন। ‘বালি -সমাধি’ নাম দি অসমীয়ালৈ অনুবাদ কৰা এই উপন্যাসখন আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি সভাকক্ষত অনুষ্ঠিত এখন গুৰু-গম্ভীৰ সভাত আনুষ্ঠানিকভাৱে উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক ড° জিতেন হাজৰিকাই। এই সভাৰ আৰম্ভনিতে আদৰণী ভাষণ প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক, সু-লেখক আৰু বক্তা
ইয়াৰ পিছতে অনুবাদকৰ একাষাৰত ‘বালি-সমাধি’ৰ কাহিনী আৰু অনুবাদ-যন্ত্ৰণাৰ বিষয়ে উপস্থিত সুধী সমাজক অৱগত কৰে অনুবাদক ড° কল্যাণ ভূঞাই।ইয়াৰ পিছতে উন্মোচনী ভাষণ প্ৰদান কৰে উপাচাৰ্য প্ৰাধ্যাপক ড° জিতেন হাজৰিকাই। সাৰুৱা ভাষণত উপাচাৰ্যগৰাকীয়ে পঞ্চ তন্ত্ৰৰ খেও ধৰি ‘বালি-সমাধি’ ৰ ওপৰত আলোকপাত কৰে আৰু অনুবাদক ড° কল্যাণ ভূঞাক হিয়াভৰা শুভেচ্ছা জনায়।উপাচাৰ্যৰ ভাষণৰ পিছতে উন্মোচিত উপন্যাসখনৰ ওপৰত ‘ বালি-সমাধি : নাৰী, দেশ বিভাজন আৰু অনুবাদ ‘ শীৰ্ষক এক বক্তৃতা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° লক্ষীপ্ৰিয়া গগৈয়ে। অনুবাদ তত্ত্বৰ আলোচনাৰে আৰম্ভ কৰা মননশীল ভাষণত ড° গগৈয়ে ‘বালি- সমাধি’ ৰ কাহিনীভাগ প্ৰাঞ্জলভাৱে বিশ্লেষণ কৰি দেখুৱায় আৰু ‘বালি-সমাধি’ক ‘আমাৰ সময়ৰ দলিল’ বুলি অভিহিত কৰে। ড° গগৈৰ বক্তৃতাৰ পিছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে দুআষাৰ কয়। তেখেতে অনুবাদক ড° কল্যাণ ভূঞাক অশেষ শুভেচ্ছা জ্ঞাপন কৰে আৰু নিষ্ঠা আৰু সততাৰে কাম কৰি যাবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। সমজুৱাৰ একাষাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° পৰমানন্দ মহন্ত আৰু অৱসৰপ্ৰাপ্ত 
উল্লেখ্য যে আজিৰ এই গ্ৰন্থ উন্মোচনী সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সকলো বিভাগৰ শিক্ষক, গৱেষক, ছাত্ৰ -ছাত্ৰী, বিষয়া-কৰ্মচাৰীৰ ওপৰি ড° ভূঞাৰ একাংশ গুনমুগ্ধও উপস্থিত থাকে। সভাখনৰ আঁতধৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰ্শন অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক ড° মানশ্ৰী