অৱশেষত ৯টা দিনৰ অন্তত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই আহিল শংকৰ জ্যোতি বৰুৱা
হেণ্ডকাফ লগোৱাৰ সময়ত ৩০৭ ধাৰা লগোৱা হোৱা নাছিলঃশংকৰজ্যোতি
চাইন অন ডেস্কঃ
অৱশেষত ৯টা দিনৰ অন্তত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয় শংকৰ জ্যোতি বৰুৱাই।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা পৰহি জামিন মঞ্জুৰ হোৱাৰ পাছত কালি কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা।কাৰাগাৰৰ পৰা নীলা ৰঙৰ ষ্ট্ৰাইপ দিয়া এটা টি চাৰ্ট পৰিধান কৰি স্বভাৱসূলভ হাঁহি মাৰি ৰাজপথলৈ ওলাই আহিল শংকৰজ্যোতি বৰুৱা।অসমৰ জনতাক মই সেৱা জনাইছো।অসমৰ সকলো সংবাদগোষ্ঠীক কৃতজ্ঞতা,ধন্যবাদ জনাইছো।স্বাভিমানৰ হকে যিসকল দল-সংগঠনে মাত মাতিলে সকলোকে লগতে দুলীয়াজানৰ সমূহ জনতাক মই ধন্যবাদ জনাইছো বুলি সংবাদ মাধ্যমৰ আগত শংকৰজ্যোতি বৰুৱাই সদৰী কৰে।তেওঁ পুনৰাই কয় যে জনতা জৰ্নাদ্দন,
জনতাই সকলো প্ৰত্যক্ষ কৰি আছে।আমি জনতাৰ কথাত বা পক্ষত যাবলৈ বাধ্য।আজি মই,ওলাই আহিছো,সকলো পৰ্যবেক্ষণ কৰিম।তাৰ পিছতহে সকলো প্ৰতিক্ৰিয়া ব্যক্ত কৰিম বুলি প্ৰাক্তন ছাত্ৰ নেতাজনে কয়।হেণ্ডকাফ লগোৱাৰ বিষয়ত শংকৰজ্যোতিয়ে কয় যে যি সময়ত মোক হেণ্ডকাফ লগোৱা হৈছিল,সেই সময়ত মোৰ ওপৰত ৩০৭ ধাৰা লগোৱা হোৱা নাছিল।এটা ফেচবুকত পষ্ট দিছিলোঁ,যাৰ বাবে মোৰ ওপৰত ১১ টা ধাৰা লগোৱা হয়।সেই ১১ টা ধাৰাৰ ওপৰতেই মোক আদালতলৈ হেণ্ডকাফ লগাই অনা হৈছিল।বিয়লি ৫ বজাৰ পাছতহে মোক জাননী দিয়া হৈছিল ৩০৭ ধাৰাৰ সন্দৰ্ভত বুলিও শংকৰজ্যোতিয়ে সদৰী কৰি এই সমগ্ৰ কথাবিলাক জনতাই বিচাৰ কৰিব বুলিও জানিব দিয়ে।তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে হেণ্ডকাফ লগোৱাৰ সময়ত ৩০৭ ধাৰা লগোৱা হোৱা নাছিল।
আনহাতে শংকৰ জ্যোতি কাৰাগাৰৰ পৰা ওলোৱা লগে লগে বৃহৎ সংখ্যক শংকৰ জ্যোতিৰ শুভাকাংক্ষী আৰু প্ৰাক্তন আছুকে ধৰি বিভিন্ন সংগঠনে কাৰাগাৰৰ পৰা উলোৱা লগে লগে বিপুল আদৰণি জনায়। তদুপৰি প্ৰায় ৫০০ সৰু বৰ বাহনৰ জৰিয়তে কাৰাগাৰৰ পৰা বিশাল সমদলেৰে ডুলীয়াজানলৈ আদৰি আনে।উল্লেখ্য যে দুলীয়াজানৰ বি এন সিং পেট্ৰল পাম্পত দুটা ফৈদৰ মাজত সংঘটিত হোৱা মাৰপিটৰ ঘটনাত ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ হোৱা শংকৰজ্যোতি বৰুৱাক পৰহি গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। শংকৰজ্যোতি বৰুৱাক গুৱাহাটী ন্যায়ালয়ে ৩০ হাজাৰ টকা বেইল খণ্ডত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ পাছত বিগত প্ৰায় ৯ টা দিন ধৰি কাৰাগাৰত থকা শংকৰজ্যোতি বৰুৱা মুকলি আকাশৰ তললৈ আহিল। ইতিমধ্যে ডিব্ৰুগড় আদালতৰ পৰাই দুলীয়াজান থানাত ৰুজু হোৱা ৯০/২০২৫ নম্বৰৰ গোচৰটোত জামিন লাভ কৰিছিল শংকৰজ্যোতি বৰুৱাই। কিন্তু জামিন পোৱাৰ একেসময়তে দুলীয়াজান থানাত ৰুজু হোৱা আনটো গোচৰ ৮৯/২০২৫ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল শংকৰ জ্যোতিক। অৱশ্যে এই গোচৰটোৰ জামিনৰ বাবে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰাৰ পাছত সোমবাৰে শংকৰজ্যোতি বৰুৱাক জামিন প্ৰদান কৰিছিল।কালি ডিব্ৰুগড় ন্যায়িক দণ্ডাধিশ আদালতত ন্যায়িক প্ৰক্ৰিয়া সম্পন্ন কৰা পাছত সন্ধিয়া প্ৰায় ৫-৫০ মিনিটত মুকলি আকাশৰ তললৈ আহে। তাৎপৰ্যপূৰ্ণ যে, ডুলিয়াজানৰ বিৰ্তকিত বি এন সিং পেট্ৰল ডিপুত সংঘটিত হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত এক প্ৰকাৰে শংকৰ জ্যোতি বৰুৱা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। শংকৰ জ্যোতিয়ে মুকলি আকাশৰ তললৈ আহি ধন্যবাদ জ্ঞাপন কৰিলে অসমৰ সংবাদ মাধ্যম আৰু সংবাদ পত্ৰ গোষ্ঠীক। প্ৰতিটো দল সংগঠন,ডুলীয়াজান আৰু অসম বাসীৰ ৰাইজক জনালে ধন্যবাদ। জনতাৰ জনাদনক স্বীকাৰ কৰি অসমৰ ৰাইজে স্বাভীমানৰ পক্ষত মাত মতা সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।