নির্বাচন আহিছে । উন্নয়ণৰ ঢাক ঢোলৰ শব্দ উচ্চ স্বৰত বাজিছে । ইয়াৰ মাজতে দলগাঁৱত ৰাইজক জ্বলা কলা খুৱাইছে পথৰ সমস্যাই ।দৰঙৰ দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁতবোৰৰ বাবে বৰ্তমান বিপদজনক ভাৱে চলাচল কৰিছে যানবাহন সমূহ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোল প্লাজাৰ মাছুল বৃদ্ধি কৰি থকাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত জৰজীৰ্ণ পথঘাটৰ বাবে দৈণিক বৃদ্ধি পাইছে পথ দূৰ্ঘটনা৷ দলগাঁও চাৰিআলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বহুদিনৰ পৰা পথৰ মাজত থকা পুখুৰী সদৃশ গাঁতবোৰৰ বাবে যানবাহন চলাবলৈ যথেষ্ট সমস্যাই দেখা দিছে যদিও বিভাগীয় কৰ্তৃপক্ষই আজিলৈ মেৰামতি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ অতি ব্যস্ত দলগাঁও চাৰিআলিত পথৰ মাজত থকা এনে গাঁতবোৰৰ বাবে যি কোনো সময়ত দূৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ আনহাতে দলগাঁও চাৰিআলিত আজিলৈ ট্ৰেফিক পইন্ট নোহোৱাত দৈনিক সমস্যাত ভুগিছে পথচাৰীৰ লগতে যানবাহন সমূহে৷ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই পথটো মেৰামতিৰ লগতে দলগাঁও চাৰিআলিত অতি শীঘ্ৰে ট্ৰেফিক পইন্টৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাইছে৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.