...

ডিব্ৰুগড়ৰ বিশিষ্ট কবি ডা০ প্ৰণয় ফুকনলৈ ‘বন্ধু-চাকি সাহিত্য-বঁটা’

Spread the love

 

ডিব্ৰুগড়ৰ বিশিষ্ট কবি ডা০ প্ৰণয় ফুকনলৈ ‘বন্ধু-চাকি সাহিত্য-বঁটা’

চাইন অন ডেস্ক:

‘বন্ধু-চাকি’ৰ অষ্টম-প্ৰয়াস হিচাপে ২০২৬ ৰ ‘বন্ধু-চাকি সাহিত্য-বঁটা’ আগবঢ়োৱা হৈছে ।-‘মোৰে শপত টেলিফোন নকৰিবা’ (২০০৪) নামৰ প্ৰথমখন কবিতা-পুথিৰে সুখ্যাত হৈছিল কবি প্ৰণয় ফুকন। ইয়াৰোপৰি তেখেতৰ অন্যান্য কাব্য সংকলন হৈছে ‘শুভেচ্ছাৰ দিনলিপি’ (২০২৩), ‘নৈ’ আৰু ‘অসমৰ প্ৰতিবাদী কবি-কণ্ঠ’, সম্পাদিত কবিতা-সংকলন ; ‘প্ৰিয় কবি, প্ৰিয় কবিতা’ প্ৰবন্ধৰ কিতাপ ; ‘আবেলিৰ অতিথি’ (২০১৬) উপন্যাস ; ‘পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা’ (২০২৫) তেওঁৰ অন্যতম গল্পৰ সংকলন।১৯৬২ চনত শিৱসাগৰৰ দিখৌমুখত জন্মগ্ৰহণ কৰা কবি, গল্পকাৰ, ঔপন্যাসিক ডাঃ প্ৰণয় ফুকন বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক।অহা ৪ জানুৱাৰী, দেওবাৰে দুলীয়াজান সাহিত্য সভাৰ ‘বৰদলৈ ভৱন’ত পুৱা ১১ বজাত অনুষ্ঠিত হ’বলগীয়া ‘বন্ধু-চাকি সাহিত্য-বঁটা’ অনুষ্ঠানত ডা০ ফুকনৰ হাতত সাহিত্য-বঁটাটি তুলি দিব স্বনামধন্য কবি,অনুবাদক ড০ হিতেন শৰ্মাই।এই অনুষ্ঠানতে তিনিগৰাকী নিৰ্বাচিত কবিক ‘বন্ধু-চাকি সাহিত্য-বঁটা’ প্ৰদান কৰা হ’ব বুলি সভাপতি উদয় কুমাৰ শৰ্মাই জানিবলৈ দিয়ে। বিয়লি অনুষ্ঠিত হ’বলগীয়া ‘কবিতাৰ আড্ডা’লৈ সকলো কবিতানুৰাগী লেখকৰে সঁহাৰি বিচাৰিছে উদ্যোক্তাসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *