...

মানকাচৰত এন ডি এ মিত্ৰজোঁটৰ বিশাল শক্তি প্ৰদৰ্শন

Spread the love

মানকাচৰত এন ডি এ মিত্ৰজোঁটৰ বিশাল শক্তি প্ৰদৰ্শন

 

মন্ত্ৰী অতুল বৰাৰ নিৰ্বাচনী হুংকাৰ

মানকাচৰ:

ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বাজি উঠাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা তুংগত উঠিছে। বিশেষকৈ ১১ নম্বৰ মানকাচৰ বিধানসভা সমষ্টিত এইবাৰ এন ডি এ মিত্ৰজোঁটৰ সমৰ্থনত এক অভূতপূৰ্ব জোৱাৰ পৰিলক্ষিত হৈছে। আজি সমষ্টিটোৰ খোপাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসম গণ পৰিষদৰ উদ্যোগত আয়োজিত এখন বিশাল নিৰ্বাচনী জনসভা এক জনসমুদ্ৰত পৰিণত হয়।

হেলিকপ্টাৰেৰে উপস্থিত মন্ত্ৰী অতুল বৰা।

মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি হেলিকপ্টাৰ যোগে মানকাচৰত উপস্থিত হয় ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰা। মন্ত্ৰীগৰাকীক আদৰিবলৈ হাজাৰ হাজাৰ সমৰ্থক সমবেত হোৱাত সমগ্ৰ অঞ্চলটোত এ

ক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

উন্নয়নৰ ৰাজনীতি আৰু সীমান্ত সমস্যাৰ আশ্বাস

জনসভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী অতুল বৰাই মানকাচৰৰ সৰ্বাংগীণ উন্নয়নৰ আশ্বাস দিয়ে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাখনক এক পূৰ্ণাংগ আৰু শক্তিশালী জিলা হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি।

অসম-মেঘালয় সীমান্তত চলি থকা দীৰ্ঘদিনীয়া অশান্ত পৰিৱেশ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে স্থায়ীভাৱে সমাধান কৰাৰ আশ্বাস দিযে।জাবেদ ইছলামক জয়ী কৰিলে মুখ্যমন্ত্ৰীয়ে জিলাখনৰ প্ৰতিটো সমস্যা ব্যক্তিগতভাৱে গুৰুত্ব দি সমাধান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

আমি কেৱল উন্নয়নৰ ৰাজনীতি কৰোঁ। মানকাচৰৰ ৰাইজে কাক ভোট দিব লাগে সেয়া ইতিমধ্যে নিশ্চিত কৰিছে। এইবাৰ জাবেদ ইছলাম ডাঙৰ ব্যৱধানত জয়ী হোৱাটো নিশ্চিত বুলি অতুল বৰাই সদৰী কৰে।

মানকাচৰত এইবাৰ এন ডি এ মিত্ৰজোঁট আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে। তেনে সময়ত আজিৰ এই বিশাল জনসভাই মিত্ৰজোঁটৰ স্থিতিক অধিক শক্তিশালী কৰি তোলা বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে। এতিয়া নিৰ্বাচনৰ ফলাফলেহে স্পষ্ট কৰিব যে মানকাচৰৰ ৰাইজে উন্নয়নৰ চাবিকাঠি কাৰ হাতত অৰ্পণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *