মোহময়ী অভিনেত্ৰী ৰঞ্জনা শৰ্মা বৰদলৈ বৰদলৈৰ দেহাৱসান
ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে ডিব্ৰুগড়ত গভীৰ শোকৰ ছাঁ
চাইন অন ডেস্ক:
অসমীয়া ছৱি জগতৰ ৬০-৭০ দশকৰ মোহময়ী অভিনেত্ৰী,নৃত্য পতিয়সী ৰঞ্জনা শৰ্মা বৰদলৈ আৰু নাই। দীৰ্ঘদিন ধৰি শাৰিৰীকভাৱে অসুস্থ হৈ থকা বিশিষ্ট অভিনেত্ৰীগৰাকী দেওবাৰৰ নিশা প্ৰায় ৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
এইগৰাকী বিশিষ্ট অভিনেত্ৰীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে ডিব্ৰুগড়ত গভীৰ শোকৰ ছাঁ পৰিছে। ডিব্ৰুগড় মহানগৰৰ চিৰিং চাপৰিৰ দূৰ্গা দাস সিং পথৰ বাসগৃহত অগণন গুণগুগ্ধই ৰঞ্জনা শৰ্মা বৰদলৈৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলী জনোৱা হয়। ডিব্ৰুগড় মহানগৰৰ জে জে এম হস্পিতালত কেইবাদিন ধৰি চিকিৎসাধীন হৈ আছিল বিশিষ্ট অভিনেত্ৰীগৰাকী। অৱশেষত মৃত্যুৰ সৈতে হাৰ মানিলে প্ৰথিতযশা অভিনেত্ৰীগৰাকী। উল্লেখ্য যে, ১৯৪৫ চনত ডিব্ৰুগড়ৰ চিৰিং চাপৰিত জন্মগ্ৰহণ কৰা ৰঞ্জনা শৰ্মা বৰদলৈয়ে ১৯৬২ চনত ‘মণিৰাম দেৱান’ বোলছবিত ‘সেউতী’ চৰিত্ৰত অভিনয়ৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰা পাছত ৬০-৭০ দশকৰ অতি জনপ্ৰিয় অসমীয়া ছৱি ডাঃ বেজবৰুৱা, ককাদেউতা নাতি আৰু হাতি, মৰম, তৃষ্ণা, লতি-ঘতি, প্ৰতিধ্বনি, ৰতনলাল, সোণমা, সোণতৰা, ৰতনলাল, পথাৰ আৰু জীৱন, মধুচন্দ্ৰা আদি ছৱিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। তদুপৰি ৰঞ্জনা শৰ্মা বৰদলৈয়ে ৰতনলাল আৰু মধুছন্দা ছৱিখনত নৃত্য নিৰ্দেশনা কৰিছিল। আনহাতে দূৰদৰ্শনৰ ধাৰাবাহিক চুপাৰ মস্তি ধামাকা, সংস্কৃতি, সোণালী সপোন, সৰগৰ অন্য এটি নাম, সমন্বয়ৰ সেতু আদিত অভিনয় কৰিছিল। নাম পৰম ধন আৰু বৃন্দাবন নামৰ ভিচিডি’ ছৱিতো অভিনয় কৰিছিল। অসমীয়া বোলছবিৰ ৬০-৭০ দশকৰ মোহময়ী অভিনেত্ৰী ৰঞ্জনা শৰ্মা বৰদলৈয়ে অসমীয়া ছোৱালীয়ে অভিনয় কৰিবলৈ কুণ্ঠাবোধ কৰা সময়তে অসমীয়া ছবি জগতত নিজৰ প্ৰতিভাৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। ১৯৯৮ চনত পশ্চিমবংগৰ বংগীয় সংগীত পৰিষদৰ পৰা কথক নৃত্যত সংগীত ৰত্ন সন্মান, ২০০৯ চনত শিল্পী পেঞ্চন, ২০১০ চনত বিষ্ণু প্ৰসাদ ৰাভা সন্মান লাভ কৰাৰ লগতে বহু বঁটা বাহন লাভ কৰিবলৈ সক্ষম হৈছে। নটসূৰ্য ফণী শৰ্মা, বিষ্ণু প্ৰসাদ ৰাভা, ভৰত বৰপূজাৰী, গোলাপ শৰ্মা, অভয় দুৱৰা, ইভা আচাও, নৃপেন ঠাকুৰ আদিৰ সৈতে বিভিন্ন মঞ্চত অভিনয় কৰিছিল অভিনেত্ৰী গৰাকীয়ে। বহু মঞ্চ, কেইবাখনো অনাতাঁৰ নাট, দুৰদৰ্শন ধাৰাবাহিক, ভিচিডি আদিতো বহু অভিনয় কৰা অভিনেত্ৰী, নৃত্যাংগনাৰ মৃত্যুত সাংস্কৃতিক জগতখনত শোকৰ ছাঁ পৰিছে। চিকিৎসালয়ৰ পৰা তেওঁৰ শৱদেহ তেওঁৰ কৰ্মস্থান গ্ৰেহেম বজাৰ উচ্চ মাধ্যমিক বিদ্যালয়, তেওঁ প্ৰতিষ্ঠা কৰা আমোলাপট্টি সংগীত বিদ্যালয়, ডিব্ৰুগড় আৰ্ট প্লেয়াৰছ ছচাইতি তথা ডিব্ৰুগড় নাট্য মন্দিৰ, জেউতি মৰল সংঘ আদিত অগণন লোকে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এগৰাকী মঞ্চ নাটৰ খ্যতনামা শিল্পী হিচাপে পৰিচিত ৰঞ্জনা শর্মা বৰদলৈয়ে নটসূৰ্য ফণী শৰ্মা, বিষ্ণু প্ৰসাদ ৰাভা, ভাৰত বৰপূজাৰী, গোলাপ শৰ্মা, তিলক দুৱৰা, অভয় দুৱৰা, ইভা আচাও, অনিল শৰ্মা, নৃপেন ঠাকুৰ আদিৰ সৈতে বিভিন্ন মঞ্চ নাটত অভিনয় কৰিছিল। তাৰে ভিতৰত এমুঠী চাউলম কিয়, চিৰাজ আদি প্ৰসিদ্ধ। ১৯৭৪ চনৰ পৰা তেখেতে কেইবাখনো অনাতাঁৰ নাটতো অভিনয় কৰে। পিতৃ নবীন চন্দ্ৰ বৰদলৈৰ ঔৰসত আৰু মাতৃ অৰ্চনা বৰদলৈৰ গৰ্ভত জন্মগ্ৰহণ কৰা ৰঞ্জনা শৰ্মা
বৰদলৈয়ে সত্ৰীয়া নৃত্য গুৰু যতীন গোস্বামী আৰু ভৱ গোস্বামীৰ পৰা সত্ৰীয়া আৰু মাধৱ সিংহাৰ পৰা মণিপুৰী শাস্ত্ৰীয় নৃত্যৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ বিহু নৃত্যটো পাৰদৰ্শী আছিল আৰু মঘাই ওজা, তুলসী ওজা, ৰং ওজা আদিৰ সৈতে সমগ্ৰ ভাৰততে বিহুনৃত্য প্ৰদৰ্শণ কৰি খ্যাতি আৰ্জিছিল। মৃত্যুৰ সময়ত স্বামী প্ৰদীপ কুমাৰ শৰ্মাৰ লগতে পুত্ৰ-বোৱাৰী, নাতিনীসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ গৈছে।ৰঞ্জনা বৰদলৈৰ বিয়োগত ডিব্ৰুগড়ৰ বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা,জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ,ডিব্ৰুগড সাহিত্য সভা,গণনাট্য সংঘৰ ৰাজ্যিক সমিতিৰ শৰত চন্দ্ৰ নেওগ ডিব্ৰুগড় জিলাৰ সভাপতি আৰিফা বেগম আৰু সম্পাদক দিগন্ত ফুকন,জেউতি মৰল সংঘ, মিলন জ্যোতি সংঘকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।সোমবাৰে ডিব্ৰুগড়ৰ চিৰিং চাপৰিৰ ৰাজহুৱা শ্মশানত অনেক গুণমুগ্ধ আৰু পৰিয়ালৰ লোকৰ উপস্থিতিত প্ৰয়াত
অভিনেত্ৰী গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।