...

কংগ্ৰেছক অসমে কেতিয়াও পাহৰি নাযায়ঃ সৰ্বানন্দ সোণোৱাল

Spread the love

কংগ্ৰেছক অসমে কেতিয়াও পাহৰি নাযায়ঃ সৰ্বানন্দ সোণোৱাল

চাইন অন ডেস্ক:

অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনীয়া-ইউৰীয়া সাৰ প্ৰকল্পৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি ল’লে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে। নামৰূপত অনুষ্ঠিত হোৱা বিশাল জনসভাত আদৰণি ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষণত কয় যে, ২০০৬ চনত অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হৈ থকাৰ সময়ত মনমোহন সিঙে চতুৰ্থ গোট নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু পৰৱৰ্তী সময়ত কংগ্ৰেছে কোনোধৰণৰ গুৰুত্ব নিদিলে। অসমৰ ৰাইজে কংগ্ৰেছক কোনোদিন নাপাহৰে। বিশেষকৈ উত্তৰ-পূৱৰ খেতিয়কে কংগ্ৰেছট এশিকনি দিবলৈ প্ৰস্তুত হৈ আছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয় যে, অসম তথা উত্তৰ-পূৱৰ ৰাইজৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নামৰূপলৈ আহি চতুৰ্থ গোটৰ আধাৰশিলা স্থাপন কৰিবলৈ অহাত অসমৰ ৰাইজৰ হৈ শ্ৰদ্ধাসহকাৰে কৃতজ্ঞতা জনাইছোঁ।

দেশৰ সবাতোকৈ মৰমৰ আৰু প্ৰিয় নেতাজনেই হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ নৰেন্দ্ৰ মোডী। দেশৰ সকলোতকৈ লোকপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী। শক্তিশালী ৰাষ্ট্ৰৰ নেতা হিচাপে প্ৰতিষ্ঠা হৈছে। ইফালে নামৰূপবাসীয় ৪০ বছৰ ধৰি চতুৰ্থ গোট পাবৰ বাবে আবেদন জনাই অহাৰ কথা উল্লেখ কৰি কয় যে, নামৰূপৰ বিভিন্ন দল-সংগঠনে আন্তৰিকতাৰে অনুৰোধ জনাই আহিছে। কংগ্ৰেছে দীৰ্ঘদিন ৰাজত্ব কৰাৰ পাছতো গুৰুত্ব নিদিলে। কংগ্ৰেছৰ আওকনীয়া মনোভাৱৰ বাবে পিছপৰি থাকিবলগীয়া হ’ল সাৰ কাৰখানাটো। প্ৰধানমন্ত্ৰীৰ আন্তৰিকতাৰ বাবে দহ হাজাৰ কোটি টকা ব্যয়েৰে চতুৰ্থ গোটৰ নিৰ্মাণৰ বাবে আধাৰশিলা কৰিবলৈ ওলাই আহিছে। ইয়াতকৈ কৃষক ৰাইজৰ বাবে ভাল খবৰ আৰু কিবা থাকিব পাৰেনে? নৰেন্দ্ৰ মোডী দুখীয়া পৰিয়ালৰ সন্তান বাবেই দুখীয়াৰ মৰ্যবেদনা অনুধাৱন কৰে‌ বুলি প্ৰসংগত উল্লেখ কৰি মোডীয়ে আৰু কয়, ১১ বছৰ ধৰি দুখীয়া শ্ৰেণীৰ লোকৰ বাবে কাম কৰি আহিছে। যাৰ বাবে দেশৰ প্ৰতিজন শ্ৰেণীৰ লোক সন্মানসহকাৰে জীয়াই থকাৰ অধিকাৰ লাভ কৰিছে। ইফালে এই প্ৰকল্পটো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে উত্তৰ-পূৱৰ বজাৰেই নহয়, চুবুৰীয়া ৰাষ্টসমূহতো বজাৰ দখল কৰিব। ফলত লাখ লাখ নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *