...

অভিভাৱকসকলে লʼৰা-ছোৱালীক বন্ধ কৰি নাৰাখিবঃ দক্ষিণা শৰ্মা

Spread the love

অসম নাট্য সন্মিলনৰ‌ নগাঁও জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন -শিশু নাট সমাৰোহ- ২০২৫ৰ সফল সামৰণি

অভিভাৱকসকলে লʼৰা-ছোৱালীক বন্ধ কৰি নাৰাখিবঃ দক্ষিণা শৰ্মা

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মাঃ অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ৭ আৰু ৮ নবেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত জিলা দ্বি-বাৰ্ষিক অধিবেশন আৰু শিশু নাট সমাৰোহখনিৰ আজি সফল সামৰণি পৰে৷ কাৰ্যসূচী অনুসৰি আজি পুৱা কলাগুৰু বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম নাট্য সন্মিলনৰ প্ৰচাৰ সম্পাদক প্ৰান্তিক গোস্বামীয়ে৷ বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণ কৰে অসম নাট্য সন্মিলনৰ কাৰ্যালয় সম্পাদক সুৰজ কুমাৰ বৰাই ৷ আনহাতে অসম নাট্য সন্মিলনৰ উপ-সভাপতি প্ৰয়াত অৰূপ বৰঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম নাট্য সন্মিলন নগাঁও জিলাৰ সাংগঠনিক সম্পাদক পবিত্ৰ কলিতাই,প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম নাট্য সন্মিলন নগাঁও জিলা সমিতিৰ উপ সভাপতি নন্দেশ্বৰ বৰুৱাই আৰু‌ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাঁহী বাদক দীপক শৰ্মা প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম নাট্য সন্মিলন কাৰ্বি আংলং জিলাৰ সম্পাদক সৰোজ মহন্তই৷ ইয়াৰ পাছতে দিনৰ ১১ বজাত অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ সভাপতি মনোজ কুমাৰ বৰদলৈৰ সভাপতিত্বত সাধাৰণ পৰিষদৰ সভাখনি অনুষ্ঠিত হয়।

দিনৰ ১ বজাত নটৰাজৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা অসম নাট্য সন্মিলনৰ আজীৱন সদস্য সপোনটি বৰদলৈয়ে৷ ইয়াৰ পাছতে শিশু নাট সমাৰোহৰ মঞ্চ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্ল্লভ চমুৱাই৷‌ মঞ্চ উদ্বোধন কৰি শিশুসকলক উদ্দেশ্যি ডাঃ চমুৱাই নিজৰ ভাষণত কয়‌ যে নাটক যি সকলে কৰিবলৈ বিচাৰে বা যি পিতৃ-মাতৃয়ে সন্তানক নাটক কৰিবলৈ আগবঢ়াই দিয়ে তেওঁলোকৰ মাজত দৈবিক সত্তাটো ফুটি উঠে৷ আমি হাৰি গʼলেও প্ৰকৃততে আমাক এদিন শিকাই হৰা শব্দটোৱে,যিটোৱে আমাৰ ধৈৰ্য শক্তি বঢ়ায়৷ মানুহৰ পেট বেয়া মানে মন বেয়া ৷ আমি ছেক্সপীয়েৰৰ নাটক পঢ়িব লাগিব৷ সেই বুলিয়েই আমি আমাৰ গুৰুজনাৰ নাটক,ভাওনা প্ৰদৰ্শন নকৰিলে নহব,নাচালে নহʼব৷ আমি পশ্চিমীয়া সংস্কৃতি দেখি শুনি গ্ৰহণ কৰিলে আমাৰ সংস্কৃতি কোনে ৰক্ষা কৰিব৷ তেওঁ লগতে শিশুসকলৰ স্বাস্থ্য সম্পৰ্কে কয় মেগী,চাওমিন আদি বোৰ আমাৰ ল’ৰা-ছোৱালীক অভিভাৱকসকলে খোৱাবলৈ এৰাটো ভাল৷ এইবিলাক খোৱোৱাৰ ফলত ল’ৰা-ছোৱালীৰ বহু ৰোগ আৰম্ভ হয়৷ শিশুসকল নিৰোগী হৈ থাকিলেহে ভৱিষ্যতে সুস্থ সবল হৈ থাকিব পাৰিব৷ নগাঁও নাট্য সমিতিয়ে শিশুসকলৰ বাবে যি কাম কৰিছে সেইয়া সচাঁকৈয়ে শলাগ‌ লʼবলগীয়া৷ নাট্য সমিতি, নগাঁৱে শিশুসকলৰ বৌদ্ধিক দিশত আগবাঢ়ি যোৱাত বিশেষ অৰিহণা যোগাইছে ৷ লʼৰা-ছোৱালীসকল নাট্যপ্ৰেমী হোৱা মানেই সমাজপ্ৰেমী হোৱা ৷

আজিৰ এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট সম্বৰ্দ্ধিত ব্যক্তি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নতুন দিল্লীৰ পৰা স্নাতক দক্ষিণা শৰ্মাক নগাঁও নাট্য সমিতিৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা গ্ৰহণ কৰি শৰ্মাই শিশু নাট্যকৰ্মীসকলক উদ্দেশ্যি কয় যে এদিন এইখন মঞ্চৰ পৰাই মই ওলাই গৈছিলোঁ, নাটক সম্পৰ্কে নাটকৰ ওপৰত দিল্লী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অধ্যয়ন কৰিবলৈ৷ মোৰ ভেঁটিত অসমীয়া সংস্কৃতি জড়িত হৈ আছে ৷মোৰ ভেঁটিত সত্ৰীয়া নৃত্য, অংকীয়া ভাওঁনা,দেওধনি নৃত্য, নাগাৰা নাম,দিহানাম সকলো আছে৷ আজি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কৈছোঁ নিজৰ ভেটি কেতিয়াও পাহৰি নাযাব৷যেনেকৈ এটি ঘৰ সুদৃঢ় কৰিবলৈ ভেটিটো মজবুত কৰিবই লাগিব৷ আমি শিশুসকলক এনেদৰে আগবাঢ়ি উলিয়াই আনি আমাৰ সংস্কৃতি সুদৃঢ় কৰি ৰাখিব লাগিব৷ শক্তিশালী মাধ্যম হিচাপে নাটক এটি ভাল মাধ্যম৷ উঠি অহা চামক কʼব খুজিছোঁ নাটক কৰা ভাল কথা কিন্ত,পঢ়াটো সদায় আগত ৰাখি পাছত নাটক কৰি যাবা৷ অভিভাৱকে লʼৰা-ছোৱালীক বন্ধ কৰি নাৰাখিব৷ তেওঁলোকক মুকলিকৈ ওলাই আহিব দিয়ক ৷ মুকলি মনেৰে কাম কৰিবলৈ দিয়ক । নাটক কৰিবলৈ দিয়ক,খেলা- ধূলা কৰিবলৈ দিয়ক ৷

সমান্তৰালভাৱে পঢ়া-শুনাতো আগবাঢ়ি যাব লাগিব আমাৰ লʼৰা-ছোৱালীসকল । আমি নাট্যকাৰে লিখি দিয়া ডাইলগ মাতিব পাৰোঁ সুন্দৰকৈ ৷ কিন্ত, আমাৰ মেলে-মিটিঙত ভাষণ দিয়া অভ্যাসটো নাই ৷ এইধৰণৰ শিশু নাট সমাৰোহে শিশুসকলক নাটকৰ মাধ্যমেৰে বৌদ্ধিক বিকাশত বহু পৰিমাণে অৰিহণা যোগাই আহিছে ৷ গতিকে নাট্য সমিতি,নগাঁৱৰ উদ্যোগত আয়োজিত এই শিশু সমাৰোহৰ জৰিয়তে উঠি অহা প্ৰজন্মই বহু নজনা কথা শিকিব আৰু জানিব পাৰিব বুলি বিশিষ্ট অভিনেত্ৰী দক্ষিণা শৰ্মাই উল্লেখ কৰে৷ অভিনেতা-পৰিচালক পবিত্ৰ কলিতাই আতঁ ধৰা অনুষ্ঠানটিত অসম নাট্য সন্মিলন নগাঁও জিলা শাখাৰ সভাপতি মনোজ কুমাৰ বৰদলৈ, অভিনতা-পৰিচালক জয়ন্ত বৰা,অভিনেতা সুৰজ কুমাৰ শইকীয়া,‌পৰিচালক-অভিনতা গগন চৌধুৰীকে প্ৰমুখ্যে কৰি বিভিন্ন শাখাৰ পৰা অহা শিশু অভিনেতাসকল,অভিভাৱকসকললগতে পাঁচ শতাধিক দৰ্শক ৰাইজৰ উপস্থিতিত শিশু নাট সমাৰোহখনিৰ আৰম্ভণি হয় ৷

আজি মঞ্চস্থ হোৱা সমাৰোহৰ শিশু নাট কেইখন হ’ল, অসম নাট্য সন্মিলনৰ বোকাজান শাখাৰ “হাড়গিলা”,চুঙাজান শাখাৰ “ৰিলিফ”,শেনচোৱা শাখাৰ “ৰজাৰ দেউল”,কাচিঁয়লি শাখাৰ “মং ডুং চূণ খাম”,জুৰীয়া শাখাৰ “মায়াবিনী ৰাতিৰ বুকুত”। আনহাতে সমাৰোহৰ প্ৰথম দিনা (৭ নবেম্বৰত) মঞ্চস্থ হোৱা শিশু নাট কেইখন হ’ল– অসম নাট্য সন্মিলনিৰ মধুপুৰ শাখাৰ “সেউজী কথা”, পুৰণিগুদাম শাখাৰ “গড়গাওঁ পালেগৈ শিপা”,শতাব্দী শাখাৰ “বেবেৰি বাং”,সূত্ৰধাৰ শাখাৰ “অথঃ ভাটৌৰ সংবাদ” মঞ্চস্থ হয় বুলি অসম নাট্য সন্মিলন নগাঁও জিলা শাখাৰ সাধাৰণ সম্পাদক জিতুমনি মহন্তই জনাইছে ৷ উল্লেখ্য যে অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন-শিশু নাট সমাৰোহখনি নগাঁও জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *