...

অসম জাতীয় পৰিষদৰ সভাপতিৰ ডিব্ৰুগড়ৰ বাসগৃহত তালাচী

Spread the love

অসম জাতীয় পৰিষদৰ সভাপতিৰ ডিব্ৰুগড়ৰ বাসগৃহত তালাচী

পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰ হোৱাত আৰক্ষী দলৰ পলায়ন!

২৪ ঘন্টা সময় বান্ধি দিলে অজাপই

ডি এছ পি অমৃত ৰঞ্জন বৰ্মনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী

চাইন অন ডেস্ক:

সদ্য সমাপ্ত নিৰ্বাচন কেন্দ্ৰীক এক মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি আজিও উতপ্ত খোৱাঙ সমষ্টি।সমষ্টিটোৰ বিজেপি আৰু এজেপিৰ দুটা ফৈদৰ মাজত কালি হোৱা সংঘাতৰ পিছত আজি ডিব্ৰুগড় আৰক্ষীৰ এক বৃহৎ দলে অসম জাতীয় পৰিষদৰ সভাপতিৰ ডিব্ৰুগড়ৰ বাসগৃহত তালাচী চলোৱাক লৈ এক উতপ্ত পৰিস্থিতিৰ স্বৃষ্টি হয়।ডিব্ৰুগড় মহানগৰৰ গদাপাণিৰ তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতিৰ গৃহীত ডি এছ পি অমৃত ৰঞ্জন বৰ্মন সহ আৰক্ষীৰ এটা বৃহৎ দলে তালাচীৰ বাবে প্ৰৱেশ কৰাৰ পিছতেই এক উতপ্ত পৰিৱেশৰ সূচনা হয়।কালি নিৰ্বাচনৰ সময়ত খোৱাঙ সমষ্টিৰ কোটোহাত বিজেপিৰ চক্ৰধৰ গগৈ আৰু এজেপিৰ লুৰিণজ্যোতি গগৈৰ সৰ্মথিত দুটা ফৈদৰ মাজত এক ৰক্তক্ষয়ী সংৰ্ঘষ হয়।ফলত দুয়ো পক্ষই পৃথকে পৃথকে আৰক্ষীক গোচৰ দিয়ে।উক্ত গোচৰৰ তদন্তৰ বাবেই আজি ডিব্ৰুগড়ৰ লুৰিণজ্যোতিৰ বাসগৃহত
এজন যুৱকক বিচাৰি অহা বুলি কোৱা আৰক্ষী দলটোৱে লুৰিণৰ গৃহটোৰ ভিতৰত বলপূৰ্বক প্ৰবেশ কৰি এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰো অভিযোগ উঠিছে।জানিব পৰা অনুসৰি আৰক্ষীৰ বৃহৎ দলটোৱে লুৰিণৰ গৃহত প্ৰবেশ কৰি শুৱনি কোঠাৰ পৰা ৰান্ধনি ঘৰতেই তালাচী চলাই।যদিও কাৰ্যত: আৰক্ষীৰ দলটোৱে কোনো সন্দেহজনক বা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহল।অসম জাতীয় পৰিষদৰ উপ সভাপতি চিত্ৰৰঞ্জন বসুমতাৰীয়ে সাংবাদিকৰ আগত কয় যে আৰক্ষীয়ে তালাচী চলাবলৈ আহিছে,কিন্তু কোনো তালাচীৰ জাননী বা ৱাৰেন্ট নাই।আনকি তালাচীৰ সময়ত কোনো দণ্ডাধীশ উপস্থিত নাছিল।অৰ্থাৎ আৰক্ষীৰ দলটোৱে কোনো নীতি নিয়ম নমনাকৈ,নিজ খেয়াল খুচি মতে এনেদৰেই তালাচী চলাবলৈ আহিছিল বুলি বসুমতাৰীয়ে সদৰী কৰি পুনৰাই কয় যে আমাৰ কমীৰ গাড়ী ভাঙি দিয়া হল,কৰ্মীক মাৰি তেজ উলিয়াই দিলে।কিন্তু আকৌ আমাৰ ঘৰতহে আৰক্ষীয়ে তালাচী চলাবলৈ আহে বুলি উদ্বেগ প্ৰকাশ কৰে।ইফালে লুৰিণৰ বাসগৃহত আৰক্ষীয়ে বলপূৰ্বক;প্ৰবেশ কৰি তালাচী চলাবলৈ যোৱাত উপস্থিত থকা দলীয় একাংশ কৰ্মীয়ে প্ৰতিবাদ কৰি উত্তাল পৰিৱেশৰ স্বৃষ্টি কৰে।তালাচীৰ পাছত আৰক্ষীয়ে কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিব নোৱাৰা আৰু সু-স্পষ্ট উত্তৰ দিব নোৱাৰি পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰত ওলাই যোৱাৰ পাছত
আৰক্ষী বিষয়া অমৃত ৰঞ্জন বৰ্মনৰ(ডিএচপি) নেতৃত্বত অহা আৰক্ষীৰ দলটো পলায়ন কৰিবলৈ বাধ্য হয়।ইয়াৰ পাছতে এই ঘটনাৰ সবিশেষ সংবাদ মাধ্যমৰ জনাই সংবাদ মেল সম্বোধন কৰে অজাপৰ সাধাৰণ সম্পাদক চিত্ৰৰঞ্জণ বসুমতাৰি আৰু উদ্বীপজ্যোতি গগৈয়ে।সংবাদ মেলত ২৪ ঘন্টা সময় বান্ধি অজাপই ডি এছ পি অমৃত ৰঞ্জন বৰ্মনে কৰা এনে ব্যৱহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ওপৰত অমৃত ৰঞ্জন বৰ্মনৰ গোপন অভিসন্ধি থকাৰ অভিযোগ কৰে সংবাদমেলত। আনকি বাসগৃহত থকা দলীয় বিভিন্ন নথিপত্ৰ অনিষ্ট কৰা বুলি অভিযোগ উত্থাপন কৰে।আনকি কালিও অমৃত ৰঞ্জন বৰ্মনে লুৰিণজ্যোতিৰ গৃহটোত কোনো ধৰণৰ নীতি-নিয়ম নমনাকৈ প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *