অসম সেউজ সংগীত মহোৎসৱ
ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত
*চাইন অন ডেস্ক:*
ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত প্ৰথম বাৰৰ অনুষ্ঠিত হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰে সেউজ অসম সংগীত মহোৎসৱ আৰু আন্তজাৰ্তিক বাণিজ্য মেলা। ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত আয়োজন কৰা অসম সংগীত মহোৎসৱৰ বন্তি প্ৰজ্বলন আৰু ফিটা কাটি শুভ উদ্বোধন কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি তথা অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে।বিবিজান দত্তই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক তথা যুৱ লেখক সন্মান প্ৰাপ্ত জ্যোতিষ পাতিৰ আৰু যুৱ সাংবাদিক হিৰণ্য কৌশিক বৰা আৰু যুৱ উদ্যোগী বিকাশ গগৈ।অহা ১৬ জানুৱাৰী লৈকে অনুষ্ঠিত হোৱা মহোৎসৱত সংগীত শিল্পী দেৱজিৎ বৰা,নিতুল দাধৰা,জোতিষ্মা চেতিয়া,পম্পী পূৰৱী,বিতু বৰুৱা,প্ৰিতীৰাণি,চেষ্টা কছাৰী, ভাস্কৰ শইকীয়া,মোহন টায়ে, বিকাশ গগৈ আৰু প্ৰাৰ্থজিৎ উপস্থিত থাকি অনুষ্ঠান পৰিৱেশন কৰা লগতে অহা ১২ জানুৱাৰীত জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াই গীত পৰিৱেশন কৰিব। তদুপৰি ১৩ জানুৱাৰীত বিহু নাচ,১৪ জানুৱাৰীত মৌ-কুৱৰী,১৫জানুৱাৰীত বিহুৱতী প্ৰতিযোগিতা, ১১ জানুৱাৰীত জাতীয়
সাজপাৰ প্ৰতিযোগিতা আৰু ১৪ জানুৱাৰীত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে। উল্লেখযোগ্য যে সংগীত মহোৎসৱ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা বাণিজ্য মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ আৰু বিদেশী ৰাষ্ট্ৰৰ বিপনীয়ে অংশগ্ৰহণ কৰি বিভিন্ন সামগ্ৰী সুলভ মূল্যত দিয়াৰ ব্যৱস্থা কৰিছে। আনহাতে আগন্তুক ভোগালী বিহুৰ উপলক্ষে বিভিন্ন পিঠা পনা আৰু জলপান আদি লগতে বিভিন্ন জনগোষ্ঠীয় খাদ্য আদি গ্ৰাহকৰ বাবে উপলব্ধ কৰা পৰিলক্ষিত হৈছে।