...

নগাঁৱৰ ৰহাৰ জামুগুৰিত শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি-ডিমৌত আদৰণি তোৰণ উদ্বোধন

Spread the love

নগাঁৱৰ ৰহাৰ জামুগুৰিত শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি-ডিমৌত আদৰণি তোৰণ উদ্বোধন

নগাঁও:

ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিয়াল্লিছৰ বীৰ শ্বহীদ মনবৰ নাথৰ স্মৃতি ৰক্ষাৰ্থে ‌তেওঁৰ জন্মস্থান নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিত এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবে সদৌ নাথ যোগী ছাত্র সন্থাই জনাই অহা দাবী আজি পূৰণ হয়। শনিবাৰে ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তিটি আনুষ্ঠানিকভাবে উন্মোচন কৰে।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা আৱন্টিত ১৫ লাখ টকাৰে সদৌ নাথ যোগী ছাত্র সন্থাৰ তত্বাৱধানত নিৰ্মিত বীৰ শ্বহীদজনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদসকলৰ ভিতৰত শ্বহীদ মনবৰ নাথ অন্যতম। ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ দিনা শ্বহীদ মনবৰ নাথকে ধৰি বহুজনে ত্ৰিৰংগা পতাকা উত্তোলন কৰোঁতে শ্বহীদ মনবৰ নাথক গুলীয়াই হত্যা কৰিছিল। অসমৰ নৱ প্ৰজন্মৰ বাবে শ্বহীদ মনবৰ নাথ প্ৰেৰণা আৰু সাহসৰ প্ৰতীক। আজি শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। বীৰ শ্বহীদ মনবৰ নাথ অনন্ত প্ৰেৰণাৰ প্ৰতীক হওঁক। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভাষণ প্ৰসংগত আৰু কয় যে সদৌ নাথ যোগী ছাত্ৰ সন্থাই মোক ১৮ দফীয়া দাবী সন্নিবিষ্ট এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে । তেওঁলোকক অতি সোনকালে চৰকাৰী বিষয়াসকলৰ ওপৰত আলোচনাৰ বাবে নিমন্ত্ৰণ জনাম । উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ইয়াৰ পূৰ্বে মধ্য অসমৰ প্ৰাণবিন্দু ৰূপে পৰিচিত নগাঁও জিলাৰ সাংস্কৃতিক পৰিচয়ক অধিক দৃঢ় আৰু আকৰ্ষণীয় ৰূপত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰৰ অনুমোদিত আছুতীয়া পুঁজিৰ দ্বাৰা ডিমৌৰ পৰা বেবেজীয়া চাৰিআলি হৈ নগাঁও চহৰলৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌস্থিত “আমাৰ নগাঁও আমাৰ গৌৰৱ” আদৰণি তোৰণখন উদ্বোধন কৰে। স্মৰ্তব্য যে বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি আৰু নগাঁও চহৰলৈ আদৰণি তোৰণখন নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী লক্ষ্যজিৎ বৰাই । মুখ্যমন্ত্ৰী শৰ্মাক বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিকী প্ৰতিমূৰ্তি প্ৰদান কৰে শিল্পী বৰাই। বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচনৰ পিচত মুখ্যমন্ত্ৰী শৰ্মাই নগাঁৱৰ জামুগুৰিস্থিত “সাৰ্বজনীন গৰখীয়া থান”ত সেৱা আগবঢ়ায় । মুখ্যমন্ত্ৰী শৰ্মাই থানখনৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে ২০ লাখ টকা সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে । এই সমগ্র কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ শৰ্মাক সংগদান কৰে মন্ত্ৰী পীয়ূষ হাজৰিকা,বিধায়ক ৰূপক শৰ্মা, শশীকান্ত দাস,ৰমাকান্ত দেউৰী, সদৌ অসম নাথ যোগী ছাত্র সন্থাৰ সভাপতি অৰবিন্দ নাথ, সম্পাদক দীপক নাথ,জিলা যোগী ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিপ্ৰসাদ হাজৰিকা, সম্পাদক প্ৰশান্ত নাথকে ধৰি ভালেকেইগৰাকী লোকে।
নগাঁও

Leave a Reply

Your email address will not be published. Required fields are marked *