...

অসম-বংগ সীমান্তৰ ছাগলীয়াত শোকাবহ দূৰ্ঘটনা

Spread the love

অসম-বংগ সীমান্তৰ ছাগলীয়াত শোকাবহ দূৰ্ঘটনা

পশ্চিমবংগৰ ইটাবাহী মিনি ট্ৰাকৰ দুজনকৈ শ্ৰমিকৰ মৃত্যু

চাইন অন ডেস্ক:

আজি ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত সংঘটিত হোৱা এক শোকাবহ দুৰ্ঘটনাত পশ্চিমবংগৰ পৰা অহা এখন ইটাবাহী মিনিট্ৰাকৰে আহি থকা দুজনকৈ শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, পশ্চিমবংগৰ পৰা ইটা কঢ়িয়াই অসমলৈ প্ৰৱেশ কৰা এখন তীব্ৰ বেগী ডাব্লুবি ২৫ এফ/৯৫০৩ নম্বৰৰ মিনি ট্ৰাক নিয়ন্ত্রণ হেৰুৱাই দূৰ্ঘটনাত পতিত হয়। ইপিনে, দূৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনৰ চালক জন পলায়ন কৰে যদিও সেইখনত থকা দুগৰাকীকৈ শ্ৰমিকক স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে আগমনীৰ হালাকুৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ লৈ নিয়ে। কিন্তু দূৰ্ভাগ্যজনক ভাবে চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে। নিহত সেই শ্ৰমিক দুজন পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ চিলাখানাৰ মজিবুল আলী (২১) আৰু মাৰুগঞ্জৰ কৌশিক হ’ক (২০) বুলি প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *