...

এছিয়া কাপত সহঃ অধিনায়কৰ দায়িত্বত শুভমন গিল

Spread the love

 

 

এছিয়া কাপত সহঃ অধিনায়কৰ দায়িত্বত শুভমন গিল

 

 

ভাৰতৰ মূল দলত স্থান নাই ৰিয়ান পৰাগৰ
১০ ছেপ্টেম্বৰত সংযুক্ত আৰব আমীৰ শ্বাহীৰ বিপক্ষে ভাৰতৰ প্ৰথম অভিযান
১৪ ছেপ্টেম্বৰত পাকিস্তান আৰু ১৯ ছেপ্টেম্বৰত ওমানৰ বিপক্ষে ভাৰত

 

 

মুম্বাই:

অৱশেষত বহু জল্পনা-কল্পনাৰ অন্ত পৰিল। আগন্তুক এছিয়া কাপৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰে মুখ্য নির্বাচক অজিত আগৰকাৰে। এক সংবাদ মেলযোগে মুখ্য নির্বাচক অজিত আগৰকাৰ আৰু অধিনায়ক সূর্য কুমাৰ যাদৱে আগন্তুক এছিয়া কাপৰ বাবে ১৫জনীয়া ভাৰতীয় দলটো ঘোষণা কৰে। ঘোষিত দলটোত শুভমন গিলক সহঃঅধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। অহা বর্ষত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখিয়েই গিলৰ ওপৰত এই দায়িত্ব অর্পণ কৰে ব’ৰ্ডে।

ইফালে, তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহকো দলটোত অন্তর্ভুক্ত কৰা হৈছে।আনহাতে, সঞ্জু ছেমচনৰ সৈতে উইকেটকীপাৰ হিচাপে স্থান দিয়া হৈছে জিতেশ শর্মাকো। যশস্বী জয়ছোৱাল আৰু শ্রেয়াছ আয়াৰক লৈ যথেষ্ট চর্চা চলি আছিল যদিও দুয়োগৰাকী খেলুৱৈক দলত স্থান দিয়া হোৱা নাই। অৱশ্যে এছিয়া কাপত ষ্টেণ্ড বাই হিচাপে থাকিব জয়ছোৱাল। জয়ছোৱালৰ উপৰি ষ্টেণ্ড বাই তালিকাত আছে অসম সন্তান বিয়ান পৰাগ, প্রসিদ্ধ কৃষ্ণ, বাশ্বিংটন সুন্দৰ আৰু ধ্রুব জুৰেল।

ঘোষিত দলটোত শিৱম ডুবে, বিংকু সিং, বরুণ চক্ৰৱৰ্তী, অক্ষৰ পেটেল আৰু কুলদীপ যাদরেও স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বুমৰাহৰ সৈতে পেচ আক্ৰমণৰ অংশীদাৰ হিচাপে দলত স্থান দিয়া হৈছে অশদীপ সিং আৰু হৰ্ষিত ৰানাক। ইপিনে, দললৈ উভতিছে তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া। ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভহ’বলগীয়া প্রতিযোগিতাখনত ভাৰতে ১০ ছেপ্টেম্বৰত সংযুক্ত আৰব আমীৰ শ্বাহীৰ বিপক্ষে খেলি অভিযান আৰম্ভ কৰিব। ১৪ ছেপ্টেম্বৰত পাকিস্তান আৰু ১৯ ছেপ্টেম্বৰত ওমানৰ বিপক্ষে গ্রুপ পৰ্যায়ৰ অন্তিমখন মেচ খেলিব ভাৰতে।

এছিয়া কাপৰ বাবে ঘোষিত ভাৰতীয় দলটো হ’ল- সূর্য কুমাৰ যাদৱ (অধিনায়ক) , শুভমন গিল (সহঃঅধিনায়ক), সঞ্জু ছেমছন, অভিষেক শর্মা, হার্দিক পাণ্ডিয়া, তিলক বার্মা, যশপ্রীত বুমৰাহ, জিতেশ শৰ্মা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, বৰুণ চক্রবর্তী, অশদীপ সিং, হৰ্ষিত ৰানা, ৰিংকু সিং আৰু শিৱম ডুবে। ষ্টেণ্ড বাই তালিকাত স্থান লাভ কৰিছে যশস্বী জয়ছোৱাল, বিয়ান পৰাগ, প্রসিদ্ধ কৃষ্ণ, ৱাশ্বিংটন সুন্দৰ আৰু ধ্ৰুৱ জুবেলে।

Leave a Reply

Your email address will not be published. Required fields are marked *