...

অসমৰ সীমান্তৱৰ্তী ৰাজ্য নাগালেণ্ড মিজোৰামৰ পিছত

Spread the love

অসমৰ সীমান্তৱৰ্তী ৰাজ্য নাগালেণ্ড মিজোৰামৰ পিছত

জোনাইত অসমৰ ভূমি দখলৰ চেষ্টা অৰুনাচলীৰ

সীমান্তত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি

 

চাইন অন ডেস্ক:

অসম চৰকাৰৰ অনুমতি অবিহনে অৰুনাচলী ঠিকাদাৰ আৰু অৰুণাচল প্ৰশাসনে ৰাজ্য দুখনৰ বিবাদমান অঞ্চলত গোপনে নিৰ্মাণ কৰি গৈছে পকী পথ।
‌উল্লেখযোগ্য যে, বিগত জুলাই মাহতে ৰাজ্য দুখনৰ বিবাদমান অঞ্চল ৰুকচিন সীমান্তত অৰুণাচলী ঠিকাদাৰে পথ নিৰ্মাণৰ বাবে যো-জা কৰাৰ সময়তে তেনে সময়তে জোনাইৰ স্থানীয় প্ৰশাসনে উপস্থিত হৈ বাধা প্ৰদান কৰি সাময়িক ভাৱে পথ নিৰ্মাণৰ কাম স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল । অৰুণাচল আৰু অসমৰ স্থানীয় প্ৰশাসনৰ মাজত মীমাংসা নোহোৱা পৰ্যন্ত সীমান্তৰ এই বিবাদমান অঞ্চলত পকী পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ ৰূপে বন্ধ ৰখাৰ নিৰ্দেশ দিছিল জোনাইৰ প্ৰশাসনে।
কিন্তু এই নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই অৰুণাচল চৰকাৰৰ আৱন্তটিত পুজিৰে অৰুণাচলী ঠিকাদাৰে পুৱতি নিশাই আহি নিৰ্মাণ কৰি গৈছে ৰাজ্য দুখনৰ বিবাদমান অঞ্চলৰ পকী পথ।
অৰুনাচল প্ৰশাসনে অসমৰ ভূমি দখলৰ এনে অভিসন্ধিক জোনাই আছুৱে তীব্ৰ ভাষাৰে গৰিহণা দিছে।
ৰাজ্য দুখনৰ চৰকাৰ প্ৰশাসনৰ আলোচনা অবিহনে বিবাদমান অঞ্চলত পকী পথ নিৰ্মাণৰ কাম অৰুণাচলী ঠিকাদাৰ আৰু অৰুণাচল প্ৰশাসনক অতি শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাইছে জোনাই আঞ্চলিক ছাত্ৰ সন্থাই।
আনহাতে অৰুণাচলী ঠিকাদাৰৰ এনে কু-অভিসন্ধিৰ প্ৰতি সন্দেহ উপজাত সীমান্ত অঞ্চলত বসবাস কৰা একাংশ স্থানীয় ৰাইজে পথ নিৰ্মাণত বাধা প্ৰদান কৰিছিল যদিও সীমান্ত অঞ্চলত বসবাস কৰা লোক সকলৰ অজ্ঞাতে পুৱতি নিশা আহি আহিয়ে অৰুণাচলী ঠিকাদাৰে নিৰ্মাণ কৰি গৈছে পকী পথ।
অৱশ্যে এনে ঘটনাৰ পিছতো ৰাজ্য দুখনৰ স্থানীয় প্ৰশাসনৰ পৰা কোনো প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা নাই। পৰৱৰ্তী সময়ত ৰাজ্য দুখনৰ চৰকাৰ প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে এইয়া হ’ব লক্ষণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *