অৰুণাচলৰ টিৰাপত উগ্ৰপন্থীৰ হাতত ৫ দিনে বন্দী ঠিকাদাৰ,পি আৰ আই নেতা
ঠিকাদাৰ আগৰৱালাৰ পৰা ২ কোটি টকা দাবী
আজিও নাই কোনো শুংসূত্ৰ:উদ্বিগ্ন পৰিয়াল
চাইন অন ডেস্ক:
সঘনাই হোৱা অপহৰণ, ধন দাবীত অতীষ্ঠ হৈ পৰিছে অৰুণাচলৰ টিৰাপ জিলাৰ বিভিন্ন স্থানত কৰ্মৰত ঠিকাদাৰী প্ৰতিষ্ঠান সমূহ।কেৱল সিমানেই নহয়, জিলাৰ আইন শৃংখলাৰ দায়িত্বত থকা বিভাগ সমূহৰ মূৰৰ কামোৰণি হৈ পৰিছে।শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত এন এছ চি এন (কে) উগ্ৰপন্থীৰ হাতত ধৰা পৰাৰ পিছত একেৰাহে পঞ্চম দিন ধৰি বন্দী হৈ আছে এজন ঠিকাদাৰ আৰু পি আৰ আইৰ এজন নেতা।ইয়াকে লৈ এতিয়াও সমগ্ৰ অঞ্চলটোত এক চেপা উত্তেজনা আৰু আতংকই বিৰাজ কৰিছে।জানিব পৰা অনুসৰি ৰাজস্থানৰ পথ নিৰ্মাণ প্ৰকল্পত নিয়োজিত ঠিকাদাৰ বিজয় শংকৰ আগৰৱালা আৰু পি আৰ আইৰ নেতা বামনি লামটি উগ্ৰপন্থীৰ হাততেই বিগত ৫ দিন ধৰি বন্দী হৈ আছে।সূত্ৰৰ পৰা জানিব পৰা মতে ঠিকাদাৰ আগৰৱালাৰ পৰা ২ কোটি টকা দাবী কৰা উগ্ৰপন্থী সংগঠনটোৰ সৈতে আলোচনাৰ চেষ্টা চলাই থকা বামনি লামটিক আগৰৱালাৰ সতে বন্দী কৰি
ৰখা হয়।
এই কাণ্ডই টিৰাপ, চাংলাং, আৰু লংডিং জিলাত ধাৰাবাহিক ধন দাবীৰ সমস্যাই জুৰুলা কৰি তুলিছে।য’ত নেকি ঠিকাদাৰ, ব্যৱসায়ী, শ্ৰমিক, আৰু স্থানীয় নেতাসকলে নিয়মিতভাৱে বিভিন্ন উগ্ৰপন্থী সংগঠনৰ পৰা অপহৰণ আৰু ধন দাবীৰ সন্মুখীন হয়।সাধাৰণতে মুক্তিপণ দিয়াৰ পিছত ভুক্তভোগীক মুকলি কৰি দিয়া হয় যদিও এনে লেনদেনে খুব কমেইহে নিশ্চয়তা প্ৰদান কৰে।
নাম প্ৰকাশ নকৰাকৈয়ে এজন বিষয়াই কয়- বিজয় শংকৰ আগৰৱালা আৰু পি আৰ আইৰ নেতা বামনি লামতীক বন্দী কৰি ৰখাৰ আজি পঞ্চম দিন। এই পাঁচ দিনত বন্দীসকলৰ পৰা আমি কোনো ধৰণৰ যোগাযোগ লাভ কৰা নাই।’
স্থানীয় কৰ্তৃপক্ষই উগ্ৰপন্থীৰ সৈতে উদ্ধাৰ প্ৰচেষ্টা বা আলোচনা সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।বন্দীসকলৰ পৰা দীৰ্ঘদিনীয়া মৌনতাৰ বাবেই বন্দী হোৱা মানুহ দুজনৰ অৱস্থিতিৰ বাবে পৰিয়াল আৰু কৰ্মচাৰী সকলৰ মাজত যথেষ্ট উদ্বিগ্নতা বৃদ্ধি কৰিছে।
