...

অৰুণাচলৰ আ’লো-মেচুখা পথটো লঘু মটৰ গাড়ী (এল এম ভি)ৰ বাবে পুনৰ মুকলি

Spread the love

১৫ টা স্থানত ভীষণ ভূমিস্খলনঃযাতায়ত ব্যাহত

পৰাপক্ষত যাত্ৰা স্থগিত কৰাৰ অনুৰোধ প্ৰশাসনৰ

চাইন অন ডেক্সঃ

অৰুণাচলৰ আ’লো-মেচুখা পথটো লঘু মটৰ গাড়ী (এল এম ভি)ৰ বাবে পুনৰ মুকলি কৰা হৈছে।যাৰ ফলত আৱদ্ধ পৰ্যটক আৰু শ্বি-য়োমি জিলাৰ জনসাধাৰণে বহুখিনি সকাহ পাইছে বুলি বাতৰিত প্ৰকাশ।

টাটোৰ পৰা পেনে পথ, পেনেৰ পৰা ৰ’ পথ, আৰু ৰ’ পৰা কেয়িং পথত একাধিকবাৰ বন্ধ হৈ থকাৰ খবৰ পোৱাৰ পিছত মঙলবাৰৰ সন্ধিয়াৰ পৰা পথটো বন্ধ হৈ আছিল।

আ’লো-মেচুখা পথ চোৱাচিতা কৰা সীমান্ত পথ সংস্থাৰ জি আৰ ই এফে এই অংশসমূহত ১৫ টাকৈ ভূমিস্খলন হোৱা বুলি বাতৰিৰ বিষয়ে জানিবলৈ দিছে। সেয়ে এতিয়া পথটো কেৱল এল এম ভি বাহনৰ বাবে মুকলি কৰা হৈছে আৰু গধুৰ বাহন পাৰ হ’বলৈ দিয়া হোৱা নাই।অৱশ্যে অঞ্চলটোত প্ৰচণ্ড বৰষুণৰ ফলত পুনৰ পথটো বন্ধ হৈ যাব পাৰে বুলি আশংকা কৰা হৈছে।

জিলাখনৰ এগৰাকী বিষয়াই কয়, ‘ প্ৰচণ্ড শিলাবৃষ্টি তথা ভূমিস্খলনৰ বাবে পথটো পৰিষ্কাৰ কৰাত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে।অতি জৰুৰী নহ’লে মানুহে যাতায়তৰ পৰা বিৰত থাকিব লাগে বুলিও সদৰী কৰা হৈছে।

আৱদ্ধ হৈ থকা বহু পৰ্যটকে ভূমিস্খলনৰ বাবে পথ অৱৰোধৰ বাবে আৱদ্ধ হৈ পৰাৰ পিছত ভীষণ সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে।

ইফালে, আদিছুৰ শ্বি-য়োমি জিলা ইউনিটৰ সদস্যসকলে বি বি কেম্প দলং (কিনোছম্প)ত আবদ্ধ হৈ থকা একাংশ যাত্ৰীক সহায় আগবঢ়ায়। তেওঁলোকে জনোৱা মতে, “জনসাধাৰণৰ সুৰক্ষা আৰু আৰাম নিশ্চিত কৰিবলৈ আমি বি বি কেম্প দলং (কিনোছম্প)ৰ দুয়োকাষে ৰৈ থকা যাত্ৰীসকলৰ বাবে তম্বুৰ ব্যৱস্থা কৰিলোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *