...

বৰবৰুৱাত আৰ্চাৰী প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন

Spread the love

বৰবৰুৱাত আৰ্চাৰী প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন

প্ৰস্তাবিত এই আঁচনি ৰূপায়ণৰ বাবে ডিব্ৰুগড় জিলা পৰিষদৰ পূঁজিৰ ৩৫ লাখ টকা

প্ৰশিক্ষণ ব্যয়ৰ বাবদ ৫ লাখ টকাৰ অনুদান

 

চাইন অন ডেস্ক:

উজনি অসম আৰ্চাৰী একাডেমী, ডিব্ৰুগড়ৰ উদ্যোগত আৰু অসম আৰ্চাৰী সন্থা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা আৰু ডিব্ৰুগড় ক্ৰীড়া বিভাগৰ কাৰ্য্যালয়ৰ সহযোগত বৰবৰুৱাত প্ৰথমবাৰৰ বাবে ২০ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আজি শুভ উদ্বোধন কৰা হয়।
এই উপলক্ষে আজি বৰবৰুৱা পূজা খেলপথাৰত আয়োজিত উদ্বোধনী সভাৰ আৰম্ভণিতে চাৰিখনকৈ পতাকা উত্তোলন কৰে ক্ৰমে ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া চুমি শইকীয়াই, উজনি অসম আৰ্চাৰী একাডেমীৰ পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল চন্দ্ৰ দাসে, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ ৰণধীৰ দাসে আৰু অসম আৰ্চাৰী সন্থাৰ পতাকা উত্তোলন কৰে ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অশোক উৰাঙে।
উদ্বোধনী সভাখনি বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে অসম আৰ্চাৰী সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বড়োৱে। ৰাজ্যখনৰ চৰকাৰ আৰু ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতাত কেনেদৰে এই আৰ্চাৰী খেলখনে ৰাজ্যৰ ক্ৰীড়া জগতত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে, উদ্বোধনী ভাষণ প্ৰসঙ্গত সেই বিষয়ত বড়োৱে
বিস্তৃত ব্যাখ্যা দাঙি ধৰে। সভাৰ আৰম্ভণিতে প্ৰশিক্ষণ শিবিৰৰ মুখ্য আহ্বায়ক ৰাজেশ বদন নায়কে বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ মাজতো কেনেকৈ ৰাইজ আৰু বিশেষকৈ ডিব্ৰুগড় জিলাৰ বিভাগীয় বিষয়া সকলৰ আন্তৰিক সহযোগত এই প্ৰশিক্ষণ আঁচনি হাতত ল’বলৈ সক্ষম হৈছে তাৰ এক চমু আভাষ দাঙি ধৰে।
বৰবৰুৱা অঞ্চলত এই আৰ্চাৰী খেলৰ দৰে দুৰূহ হৈ থকা এখন খেল সহজলভ্য কৰি তোলাৰ ক্ষেত্ৰত আনন্দ প্ৰকাশ কৰি সংশ্লিষ্ট উদ্যোগতা সকললৈ ধন্যবাদ জ্ঞাপন কৰি সভাত একোটাকৈ ভাষণ প্ৰদান কৰে ডিব্ৰুগড় ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ৰঞ্জিত বৰঠাকুৰ, ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল চন্দ্ৰ দাস, নেতৃস্থানীয় তথা জ্যেষ্ঠ সাংবাদিক শৰৎচন্দ্ৰ নেওগ, জিলা ক্ৰীড়া বিষয়া চুমি শইকীয়া, প্ৰশিক্ষক ডেভিড স্বৰ্গীয়াৰী, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, বৰবৰুৱা চাহ বাগিছাৰ পৰিচালক চমীৰ লুধি আদিয়ে।
উল্লেখযোগ্য যে, প্ৰস্তাবিত এই প্ৰশিক্ষণ আঁচনি ৰূপায়ণৰ বাবে প্ৰাথমিক খৰছৰ বাবদ ডিব্ৰুগড় জিলা প্ৰশাসনৰ হৈ ডিব্ৰুগড় জিলা পৰিষদৰ পূঁজিৰ ৩৫ লাখ টকা আগবঢ়োৱা হয় আৰু প্ৰশিক্ষণ ব্যয়ৰ বাবদ ৫ লাখ টকাৰ অনুদান লাভ কৰে বুলি প্ৰশিক্ষণ কেন্দ্ৰৰ মুখ্য আহ্বায়ক ৰাজেশ বদন নায়কে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *