...

পুনৰ শিৰোনামত অসম লোক সেৱা আয়োগ!

Spread the love

পুনৰ শিৰোনামত অসম লোক সেৱা আয়োগ!

 

দুঘণ্টাৰ ভিতৰতে বাতিল হল পৰীক্ষাৰ ফলাফল
পোহৰলৈ নেপথ্যৰ কাহিনী!

 

চাইন অন ডেস্ক:

পুনৰ শিৰোনামত অসম লোক সেৱা আয়োগ, চমুকৈ এ পি এচ চি।সুদীর্ঘ বছৰৰ পিছত পুনৰ শিৰোনামলৈ আহিল এপিএচচি। কিয় আহিল শিৰোনামলৈ? পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে নেকি অসম লোক সেৱা আয়োগ?
সোমবাৰে বিয়লিভাগত ঘোষণা কৰা হৈছিল অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। উৰ্ত্তীণ হোৱা শিক্ষাৰ্থীসকলৰ মাজত বিপুল আনন্দৰ জোঁৱাৰ উঠিল।২৬৯ গৰাকী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক, আত্মীয়ই আনন্দত বিভোৰ হল।
কিন্তু হঠাতে আহিল এটা বিশেষ ঘোষণা। কিছু বিংসগতিৰ বাবে বাতিল কৰা হল, ৰাজ্যৰ অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ ফলাফল- এপিএচচি।

ৰাজ্যৰ অন্যতম এটা গুৰুত্বপূৰ্ণ পৰীক্ষাক লৈ চৰকাৰ তথা লোকসেৱা আয়োগৰ এনে ব্যৱস্থাক সকলোৱে সমালোচনা কৰিলে। বিৰোধীয়ে ইয়াৰ উচিত তদন্ত বিচাৰিছে। কিন্তু ঘোষণা হোৱা পৰীক্ষাৰ ফলাফল এঘন্টাৰ ভিতৰত আকৌ কিয় বাতিল কৰা হ’ল? অৱশ্যে ইয়াৰ কাৰণো শেহতীয়াকৈ পোহৰলৈ আহিছে।

শেহতীয়াকৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, এ পি এছ চিত মৰাণ-মটক জনগোষ্ঠীৰ বাবে সংৰক্ষিত আছিল দুখনকৈ আসন৷ কিন্তু প্ৰকাশিত তালিকাত নাছিল মৰাণ জনগোষ্ঠীৰ কোনা প্ৰাৰ্থীৰ নাম। ইয়াৰ বিপৰীতে তালিকাত চাৰিখন আসন দিয়া হ’ল মটক জনগোষ্ঠীকে৷ মৰাণ জনগোষ্ঠীৰ দুই প্ৰাৰ্থীৰ নাম নাহিল৷

সেয়েহে ততাতৈয়াকৈ এই ফলাফল বাতিল কৰিছিল আয়োগে।সংশোধিত তালিকাত এইবাৰ মৰাণ জনগোষ্ঠীৰ দুই প্ৰাৰ্থীৰ নাম আহিব।কিন্তু সোমবাৰৰ তালিকাত নাম থকা মটক জনগোষ্ঠীৰ দুই প্ৰাৰ্থীৰ নাম কৰ্তন হ’ব৷এই সংশোধিত তালিকা দুই-এদিনতে আয়োগে প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।
এতিয়া প্ৰশ্ন হয়,এই আয়োগ স্বচ্ছ আৰু নিকা হৈ ৰব নে ?

Leave a Reply

Your email address will not be published. Required fields are marked *