...

পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত

Spread the love

হাফলং:

পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে লামডিং-বদৰপুৰ লাইনত। সাত দিনৰ পাছত লামডিং-বদৰপুৰৰ ৰে’ল লাইন মুকলি হোৱাৰ ঠিক ছয় দিন পিছতেই একেটা লাইনতেই পুনৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এইবাৰ লামডিং-বদৰপুৰ পাহাৰ লাইনৰ দিহাখো আৰু মুপা ষ্টেচনৰ মাজৰ ৫১/২ কিলোমিটাৰ অংশত হৈছে ভূমিস্খলন।যোৱা ২৩ জুনৰ পৰা লামডিং বদৰপুৰ পাহাৰ লাইনত হোৱা ভূমিস্খলনৰ এইটো তৃতীয় ঘটনা।
উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই ৰে’লপথ সুচল কৰি যাতায়ত অব্যাহত ৰখাৰ সময়তেই দেওবাৰে নিশা মুপা ষ্টেচনৰ ৫০/২ কিলোমিটাৰ অংশত ভূমিস্খলন হোৱাৰ ফলত পাহাৰ লাইনত ৰে’ল চলাচল আকৌ ব্যাহত হৈ পৰিছে। লামডিং ষ্টেচনত আবদ্ধ হৈ পৰিছে শিয়ালদাহৰ পৰা চাবৰুমলৈ যাবলগীয়া কাঞ্চনজংঘা এক্সপ্ৰেছ।

আনহাতে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই আবদ্ধ হৈ থকা যাত্ৰীসকলৰ বাবে খোৱাৰ ব্যৱস্থা কৰে।ইপিনে, লামডিং-বদৰপুৰ পাহাৰ লাইনত ভূমিস্খলনৰ পিছতে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই কামাখ্যা, গুৱাহাটী, লামডিং, নিউ হাফলং, বদৰপুৰ, শিলচৰ আৰু আগৰতলা ষ্টেচনত ৰে’ল যাত্ৰীসকলৰ বাবে সহায়তা কেন্দ্ৰ মুকলি কৰিছে।
উল্লেখ্য যে যোৱা ২৩ জুনত জাতিংগা-লামপুৰ আৰু নিউহাফলং ষ্টেচনৰ মাজতে ১০৮/৭-৮ কিলোমিটাৰ অংশত ভূমিস্খলনৰ ফলত পাহাৰ লাইনত সাত দিন ৰে’ল চলাচল বন্ধ আছিল ।

উত্তৰ পূব-সীমান্ত ৰে’ল কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে কাম কৰি ৩০ জুনত এই পথটো সুচল কৰি তোলাৰ পিছতে আকৌ ৩ জুলাইত মুপা ষ্টেচনৰ ওচৰত ৫০/২ কিলোমিটাৰ অংশত পাহাৰৰ পৰা শিল-মাটি নামি অহাৰ ফলত ৰে’ল চলাচল ব্যাহত হয়। ইয়াৰ পিছত শুকুৰবাৰে ৰে’ল চলাচল পুনৰ স্বাভাৱিক হৈছিল যদিও ডিমা হাছাও জিলাত বৰষুণ হৈ থকাৰ বাবে ভূমিস্খলনো সমানেই অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *