...

ঢকুৱাখনাত একেদিনাই ৭টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্র উদ্বোধন বিধায়ক নৱ কুমাৰ দলেৰ

Spread the love

ঢকুৱাখনাত একেদিনাই ৭টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্র উদ্বোধন বিধায়ক নৱ কুমাৰ দলেৰ

 

ঢকুৱাখনা:

শিশুৰ সৰ্বাংগীণ বিকাশৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ। অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ ‘সোণালী শৈশৱ বিকশিত অসম’ আঁচনিৰ অধীনত ঢকুৱাখনা সমষ্টিত নির্মাণ সম্পূর্ণ হৈ উঠা ৭টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্র উদ্বোধন কৰে স্থানীয় বিধায়ক নৱ কুমাৰ দলেই।
২৫ লাখ টকাৰ ব্য‌য়েৰে নিৰ্মিত অত্যাধুনিক সুবিধাৰে সজাই তোলা কেন্দ্ৰকেইটা হৈছে ডিমৰুগুৰি দাংধৰা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ,পৃথিয়াল আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ,ম’হঘূলি চাপৰি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, টেকেলিফুটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ ,খজুৱা-উজনি জালভাৰী আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, মানিকাচুক
আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ,ঘটাপৰা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ।অংগনৱাড়ী কেন্দ্ৰকেইটা উদ্বোধন কৰি বিধায়কগৰাকীয়ে কয়, যে
শিশুসকলক কায়িক তথা মানসিক বিকাশৰ অৰ্থে অসম চৰকাৰে লোৱা এই অভিলাষী আঁচনিয়ে গ্ৰামাঞ্চলৰ শিশুসকলৰ বাবে বিশেষভাৱে সহায়ক হ’ব।এনে কেন্দ্ৰৰ দ্বাৰাই শিশু অৱস্থাতে ছাত্ৰ-ছাত্ৰীক সুস্থ্য বাতাবৰণত সু-শিক্ষা প্ৰদান কৰি সু-চিন্তাৰ গৰাকী কৰি তুলিব পাৰিব বুলিও মন্তব্য কৰে বিধায়ক নৱ কুমাৰ দলেৱে। শুভাৰম্ভণি অনুষ্ঠানত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোহাঁই,ঢকুৱাখনা সম জিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথ,ঢকুৱাখনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চালেহ হেদায়েত হোছেইন,হাৰ্হি-মাতমৰা জিলা পৰিষদৰ সদস্য প্ৰণৱ পেগু,ঢকুৱাখনা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া বেদান্ত কলিতা,ঢকুৱাখনা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী বৰ্ণালী পেগুকে ধৰি বিভিন্ন চাৰ্কোলৰ পৰা অহা মূখ্য সেৱিকা,অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *