...

ডিব্ৰুগড় আমোলাপট্টি নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন

Spread the love

 

 

ডিব্ৰুগড় আমোলাপট্টি নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন

চাইন অন ডেস্ক:

গৌৰৱময় শতবৰ্ষ গৰকা ডিব্ৰুগড়ৰ ৬ নং আমোলাপট্টিত নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান যোৱা ৮ নৱেম্বৰ তাৰিখে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । সেইদিনা পুৱা ৮ বজাত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দূৰ্গা বৰঠাকুৰে আৰু আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তথা যুটীয়া সম্পাদিকা সঙ্গীতা দেবীয়ে ।তাৰ পাছতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী,অভিভাৱক গায়ন বায়ন সহ এটি বিশাল শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাৰ ফ্লেগ অফ কৰি কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে তেখেতৰ অনুভৱ ব্যক্ত কৰে । পৰবৰ্তী কালত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মিলন সমাৰোহৰ অন্তৰংগ আলাপত নিজৰ অনুভৱ বৰ সুন্দৰকৈ বক্তব্য ৰাখে যশস্বী অভিনেতা এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ বিষ্ণু খাৰঘৰীয়া, সুচিকিৎসক ডাঃ ব্ৰজেন গোহাঁই, ভোলা গগৈ,মনু বৰুৱা,ৰেজিবুৰ ৰহমান, ডাঃ ৰাজীৱ বৰুৱা,মফিদা বেগম জ্যোতি বৰদলৈ, ৰাণী হাজৰিকা, উজ্জল হাজৰিকা আদিয়ে । অনুষ্ঠানটিৰ আঁত ধৰে

কাৰ্যকৰী সভাপতি মনোৰম বৰুৱা আৰু উপ-সভাপতি মনোজ কুমাৰ বৰুৱাই । ইয়াৰ পিছতে বিয়লি ৩:৩০ বজাত অনুষ্ঠিত মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাগ লয় ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন চা্ংমাই, বিদ্যালয় সমূহৰ পৰিদৰ্শক সমিৰণ বৰা,ৰিণ্টি দিহিঙীয়া,খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, ইষ্টাৰ ৰাণী থিনচন (বি এম আই এছ)ৰুমি কোঁৱৰ (বিআৰপি )ডিব্ৰুগড় প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ভদ্ৰসেন সোনোৱাল, সম্পাদক পঙ্কজ বৰা আদিয়ে । মুকলি সভাখনত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি দূৰ্গা বৰঠাকুৰে ।উক্ত অনুষ্ঠানতে নিলম বৰুৱাৰ দ্বাৰা সম্পাদিত এখনি আটকধুনীয়া স্মৃতিগ্ৰন্থ উন্মোচন কৰে ইষ্টাৰ ৰাণী থিনছিনে । সন্ধিয়া অনুষ্ঠিত সা্ংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে স্বনামধন্য সঙ্গীতজ্ঞ প্ৰশান্ত বৰদলৈয়ে । প্ৰাক্তন ছাত্ৰী আৰু শিক্ষয়িত্ৰীয়ে সমবেত সংগীতেৰে অনুষ্ঠানটি মুকলি কৰা হয় । পৰবৰ্তী পৰ্যায়ত খ্যাতনামা নৃত্য পতিয়সী ময়ুৰাক্ষী বৰুৱাৰ দশাৱতাৰ নৃত্য প্ৰদৰ্শন,আৰিফা বেগম আৰু ললিত পায়েল দ্বৈত সঙ্গীত, জ্যোতিময় বৰুৱা,মনিষা বৰদলৈ,সুৰভি বৰদলৈৰ গীতৰ উপৰিও ময়ুৰী গগৈৰ নৃত্য, অসীম দুৱৰাৰ গীতাৰ বাদন,মুহিবুদিন আহমেদ আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিবেশিত অনুষ্ঠান সমূহে উপস্থিত সকলোকে আপ্লুত কৰে । সুধাকণ্ঠ ড’ভূপেন হাজৰিকা, সদ্য প্ৰয়াত হিয়াৰ জুবিন গাৰ্গ, বিশিষ্ট শিল্পী ছৈয়দ চাদ্দুলা আৰু যশস্বী বাঁহী বাদক দীপক শৰ্মাৰ সোঁৱৰণত উচৰ্গিত অনুষ্ঠানটিৰ আঁত ধৰে আবৃত্তিকাৰ নিলাম নয়ন বৰদলৈয়ে । বাদ্য সঙ্গত কৰে বকুল দাস, অসীম দুৱৰা,বিনন্দ কাকতি, প্ৰণৱ গোস্বামী আৰু জিতু বৰঠাকুৰে । শতবাৰ্ষিকী অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়োৱা সকলোকে বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী তথা উদযাপন সমিতিৰ যুটীয়া সম্পাদক সঙ্গীতা দেবী আৰু অশোক বৰুৱাই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *