...

কলিয়াবৰ মিছাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Spread the love

কলিয়াবৰ মিছাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

 

মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ

চামগুৰি:

“কংগ্ৰেছ চৰকাৰে কলিয়াবৰৰ সমীপৱৰ্তী কাজিৰঙাত অনুপ্ৰৱেশকাৰীক সংস্থাপন কৰিছিল আৰু সন্দেহযুক্ত লোকৰ অবৈধ দখলত আছিল ,কিন্ত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ এনডিএ চৰকাৰে কাজিৰঙাৰ ভূমিক মুক্ত কৰিছিল ৷ আমাৰ অসমৰ সন্মানৰ প্ৰতীক গড়ক সুৰক্ষা প্ৰদান কৰিছিল ৷ কংগ্ৰেছ দলে অসমৰ বিকাশৰ বাবে একো কাম কৰা নাই ৷” এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷কালি নগাঁও জিলাৰ ৫৭ নং কলিয়াবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত মিছা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা এখন বিশাল বিজয় সংকল্প সভাত উপস্থিত থাকি গৃহমন্ত্ৰী গৰাকীয়ে ৰাহুল গান্ধীক উদ্দেশ্যি কয় যে, “ অসমলৈ ৰাহুল গান্ধী আহি ইটো হোৱা নাই সিটো হোৱা নাই বুলি কৈ আছে ৷ মই তোমাক শুধিছো, ৰাহুল বাবা, তোমালোকে অসমত পোন্ধৰ বছৰ শাসনত থাকি কি কৰিলা ৷” বিশাল নিৰ্বাচনী জনসভাখনত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অংশগ্ৰহণ কৰি নির্বাচনী ৰণডংকা বজোৱাৰ লগতে নিজৰ ভাষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশ সুৰক্ষিত বুলি উল্লেখ কৰে । তেখেতে আৰু কয়, “কংগ্রেছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সন্মান নকৰিলে। কংগ্ৰেছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান নকৰিলে। কিন্তু বিজেপিয়ে ড° ভূপেন হাজৰিকাক ভাৰত ৰত্ন দি গৌৰৱান্বিত হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত উন্নয়ন হৈছে বিকাশ হৈছে ৷ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুপৰিকল্পিত চিন্তাৰ কাৰণে অসমৰ উন্নয়ন হৈছে বিকাশৰ পথত আগবাঢ়িছে ৷ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব লাগিব তথা এনডিয়ে চৰকাৰ হ’ব লাগিব ৷ কলিয়াবৰ সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী কেশৱ মহন্তক ভোট দি জয়যুক্ত কৰিব লাগিব। কলিয়াবৰ বিধান সভা সমষ্টিৰ অগপ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তক বিপুল ভোটত জয়যুক্ত কৰাব লাগিব ৷ কাৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰবাৰ বিজেপিৰ নেতৃতাধীন এনডিএ চৰকাৰ হ’ব।” গৃহমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্রশংসা কৰি কয় যে, “মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ আন্তঃগাঁথনি শক্তিশালী হোৱাই নহয়, ৰাজ্যখনে এতিয়া উন্নয়ন আৰু বিকাশৰ দিশত আগবাঢ়িছে। মুখ্যমন্ত্রী ড° শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত বিশ্ব মানৰ আন্তঃগাঁথনি হৈছে। ৰাজ্যখনত এতিয়া স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ ব্যাপক প্ৰসাৰ হৈছে। ৰাজ্যখনত এতিয়া প্ৰচুৰ পৰিমাণৰ নিয়োগৰ সুবিধা আহি পৰিছে। তদুপৰি ছেমিকণ্ডাক্টৰৰ দৰে প্ৰকল্প স্থাপনে অসমখনৰ ছবি সম্পূৰ্ণৰূপে সলনি কৰি দিছে। অসমৰ ৰাইজে বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰ গঠনৰ বাবে উৎকন্ঠাৰে বাট চাই আছে ৷ নগাঁও জিলাৰ মিছাত বিশাল বিজয় সংকল্প সভা খনত বিজেপি,অগপ, বি.পি.এফ, ৰাভা হাচং আৰু সন্মিলিত গণশক্তি মিত্রজোটৰ প্ৰাৰ্থী কেশৱ মহন্তক নিৰ্বাচনী সভা খনত মুখ্য অতিথি ৰূপে আজি সভাস্থলীত উপস্থিত হয়হি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ জয় শ্রীৰাম ধ্বনিৰে ভাষণৰ আৰম্ভণি কৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে নিজৰ ভাষনত কয় যে, “এই বৰ্ষত গুৱাহাটীৰ ভিতৰত শ্বহীদ উদ্যান নিৰ্মাণ কৰা হৈছে। ৮৫ ফুট উচ্চতাতৰ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ লগতে তেখেতৰ জীৱন চৰিত্ৰৰ বিষয়ে ৩১ টা ভাষালৈ অনুবাদ কৰি হিমালয়ৰ পৰা কেৰেলালৈকে দ্বাৰকাৰ পৰা কামাখ্যালৈকে প্ৰচাৰ কৰা হৈছে। কংগ্ৰেছে গোপীনাথ বৰদলৈক ভাৰতৰত্ন সন্মান দিব নোৱাৰিলে। গোপীনাথ বৰদলৈ আৰু ভূপেন হাজৰিকাক ভাৰতৰত্ন সন্মান কেৱল নৰেন্দ্ৰ মোদীজীয়ে দিছে । অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে। সমগ্ৰ অসমত ২০ খনতকৈও অধিক চুক্তি হৈছে। এটা সময়ত অসম বোমা বিস্ফোৰণ আৰু গুলীয়াগুলি ৰাজ্য বুলি জানিছিল আৰু আজি আন্দোলনৰ পৰিবৰ্তে শান্তি আলোচনাৰে কাম হোৱা পৰিবেশ নৰেন্দ্ৰ মোদীজীয়ে কৰিছে। ১০ হাজাৰৰো অধিক যুৱকে অস্ত্ৰ সম্বৰণ কৰি ভুল সুঁতিলৈ উভতি আহিছে। এই কাম কেৱল এনডিএ চৰকাৰে কৰিছে। কংগ্ৰেছ আৰু ৰাহুল গান্ধীক কটাক্ষ কৰি কয় য়ে অগপ- বিজেপিৰ মিত্ৰতা চন্দ্ৰ সূৰ্যৰ দৰে নিশ্চিত। ১০ বছৰ একেলগে আছো আৰু ১৫ বছৰলৈকে হাতী- পদুম একেলগে থাকি কাম কৰি যাব। য’ত হাতী তাতেই পদুম বুলি মানিব, য’ত পদুম তাত হাতী বুলি মানি আগবাঢ়ি আগন্তুক ৫ বছৰৰ বাবে এনডিএ হ’ব আৰু পুনৰ হিমন্ত বিশ্ব শৰ্মা মূখ্যমন্ত্ৰী হিচাপে চৰকাৰ কৰি নৰেন্দ্ৰ মোদীজীৰ হাত মজবুত কৰিবলৈ আহ্বান জনোৱাৰ লগতে কলিয়াবৰত এনডিএ প্ৰাৰ্থী কেশৱ মহন্তক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়। তেখেতে আগন্তুক বিহুত হাতী আৰু পদুমৰ সৈতে বিহু উদ্‌যাপন কৰিব লাগিব বুলিও মন্তব্য কৰ ৷ অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্তই আঁত ধৰা বিজয় সংকল্প সভাখনত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰাই আদৰণী ভাষণ প্ৰদান কৰি সমবেত ৰাইজক হাতীৰ ছবিত ভোট দি কেশৱ মহন্তক জয়যুক্ত কৰাবলৈ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই কলিয়াবৰত এখন উন্নতমানৰ বিশ্ববিদ্যালয় স্থাপন কৰা হব বুলি পূৰ্বে ঘোষনা কৰা অনুসৰি বিশ্ববিদ্যালয়খন পাবলৈ হ’লে ৰাইজে প্ৰাৰ্থী গৰাকীক বিপুল ভোটত জয়যুক্ত কৰিব লাগিব বুলি নিজৰ ভাষনত উল্লেখ কৰে ৷ অগপৰ ৰাজ্যিক উপ সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই সভাখনত উপস্থিত থাকি নিজৰ ভাষণ প্ৰসঙ্গত কলিয়াবৰৰ ৰাইজ ভাগ্যবান বুলি উল্লেখ কৰে ৷ কাৰণ, যোৱা কেইদিনমানৰ আগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কলিয়াবৰলৈ আহি কেশৱ মহন্তক আশীৰ্বাদ দিছিল ৷ গতিকে কেশৱ মহন্তক বিপুল ভোটত জয়যুক্ত কৰাব লাগিব বুলি নিজৰ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে ৷সভাখনত কাজিৰঙাৰ লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাঁয়ে কেশৱ মহন্তক ভোট দিবলৈ কলিয়াবৰবাসী ৰাইজক আহ্বান জনাই নিজৰ ভাষন প্ৰসঙ্গত কয় যে , “চাহজনগোষ্ঠী লোকসকলক মাটিৰ পট্টা মিত্ৰজোঁট চৰকাৰখনে দিছে ৷ চাহ শ্ৰমিক সকলক মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তৰ প্ৰচেষ্টাত সম্ভৱ হৈছে ৷“ আনহাতে, অগপৰ সভাপতি অতুল বৰাই নিজৰ ভাষন প্ৰসংগত কয় যে, ‘এইবাৰ পুনৰ অসমত অগপ-বিজেপি মিত্ৰজোঁট তথা এনডিএৰ চৰকাৰ হ’ব ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সুপৰিকল্পিত চিন্তাৰ কাৰণেই ৰাজ্যখনৰ উন্নয়ন হৈছে ৷ কলিয়াবৰৰ প্ৰতিনিধি গৰাকীৰ প্ৰচেষ্টাত কলিয়াবৰত বহুত উন্নয়ন হৈছে ৷” তেখেতে কলিয়াবৰত এই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ কেশৱ মহন্তক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনাই ৷এই বিজয় সংকল্প সভাত মিত্রজোটৰ প্ৰাৰ্থী কেশৱ মহন্তই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ঐতিহাসিক কলিয়াবৰলৈ উষ্ম আদৰণি জনায় কলিয়াবৰৰ জন্ম ইতিহাস সন্দৰ্ভত বাখ্যা আগবঢ়োৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্ব আৰু গৃহমন্ত্ৰীৰ দূৰ দৃষ্টিত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ লগতে কলিয়াবৰত উন্নয়ন কৰিছে বুলি শলাগ জ্ঞাপন কৰে ৷ আনহাতে, কলিয়াবৰত মিত্ৰজোঁটৰ বন্ধন মজবুত আছে বুলি উল্লেখ কৰি কলিয়াবৰৰ নিৰ্দলীয় প্ৰাৰ্থী গৰাকীৰ নাম স্মৰণ নকৰাকৈয়ে প্ৰাৰ্থী গৰাকীয়ে কাৰোবাৰ উচতনিত হেঙাৰ সৃষ্টি কৰা বুলি বক্তব্য ৰাখে ৷ লগতে তেখেতে আৰু কয় যে, “ আমাৰ লক্ষ্য নৰেন্দ্ৰ মোডী,অমিত শ্বাহ আৰু ড° হিমন্ত বিশ্ব শৰ্মা ৷ তাৰ মাজত আৰু আগত বা পাছত আমি কাকো দেখা নাপাও ৷ কেন্দ্ৰত নৰেন্দ্ৰ মোডী আৰু ৰাজ্যত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি দলে অগপ,বি.পি.এফ, ৰাভা হাচং আৰু সন্মিলিত গণশক্তিৰ মিত্রজোঁট চৰকাৰে কলিয়াবৰত বহু বিকাশ সাধন কৰিছে ৷” তেখেতে নিজৰ ভাষণত কলিয়াবৰৰ একাধিৰ উন্নয়নৰ খতিয়ান ডাঙি ধৰাৰ লগতে সকলো দিশত আগবাঢ়ি যোৱা আৰু ৰাইজে সকলো আঁচনিৰ সুফল পোৱা বুলি উল্লেখ কৰে ৷ কলিয়াবৰৰ ইতিহাসত এজিপি জন্ম হোৱাৰ পাছত ৮টা নিৰ্বাচনত, ৪০টা বছৰত ৩৫ টা বছৰ ইয়াত অসম গণ পৰিষদৰ প্ৰাৰ্থী নিৰ্বাচন হৈছে ৷ ২৫ বছৰে আমি অকলেই নিৰ্বাচিত হৈছো ৷ যোৱা ১০ টা বছৰত আমি বিজেপি আৰু এজিপি একেলগে জোঁট বন্ধনত নিৰ্বাচিত হৈছো ৷ কলিয়াবৰৰ ৰাজনৈতিক ইতিহাসত এটা বিৰল কথা দেখুৱাবলৈ সক্ষম হৈছো ৷ গতিকে আমি আশা কৰিছো, এজিপি বিজেপি আমি একত্ৰিত হৈ পুনৰ প্ৰগতিৰ দিশত আগবাঢ়িম ৷ অমিত শ্বাহ ডাঙৰীয়াৰ আৰ্শীবাদ আমাৰ ওপৰত আছে আৰু থাকিব ৷ সভাখনত বিজেপিৰ জেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্য ,প্ৰভাৰী ওম প্ৰকাশ চৌধুৰী , হৰিশ ত্ৰিবেদী,প্ৰভাৰী পৰীক্ষিত দত্ত,মণ্ডলৰ সভাপতি সকল আৰু মৰ্চাৰ সভাপতি সকলকে প্ৰমুখ্য কৰি দলীয় বহু কৰ্ম-কৰ্তা উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *