আমেৰিকা-ইজৰাইলৰ যুদ্ধ !তৃতীয় বিশ্ব যুদ্ধৰ আগজাননী?
ক্ষেপণাস্ত্ৰৰ আঘাতত ইৰানৰ স্কুলত নিহত ৫৩ ছাত্রী
প্ৰতিৰক্ষা মন্ত্ৰী-খামেনেইৰ শীৰ্ষ কমাণ্ডাৰসহ প্রাণহানি দুই শতাধিকৰ, আহত কমেও সহস্ৰাধিক
চাইন অন ডেস্ক:
তৃতীয় বিশ্ব যুদ্ধৰ আগজাননী? সচাঁই হবলৈ গৈ আছে নি তৃতীয় যুদ্ধ ? শেষতীয়াকৈ এই অপ্ৰত্যাশিত কথাবোৰ বাস্তৱত পৰিণত হব নি?যোৱা দুদিন ধৰি মধ্য এছিয়াত যুদ্ধৰ দামামা।
ইৰান আৰু, মিত্র বাহিনীৰ আক্রমণ-প্রত্যাক্রমণত কিমান ক্ষয়-ক্ষতি হ’ল তাৰ সঠিক তথ্য এই পর্যন্ত পোহৰলৈ অহা নাই। কিন্তু উভয় পক্ষৰ ক্ষেপণাস্ত্র নিক্ষেপত যে বৃহৎ পৰিমাণৰ আন্তঃগাঁথনি ধংস তথা বহুসংখ্যক লোক হতাহত হৈছে সেয়া নিশ্চিত। ইয়াৰ মাজতে আমেৰিকা-ইজৰাইলে ইৰানৰ ওপৰত চলোৱা আক্রমণৰ এক কৰুণ পৰিণতি পোহৰলৈ আহিছে।মিত্ৰ বাহিনীয়ে ইৰানক লক্ষ্য কৰি নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ধ্বংস কৰে এখন গাৰ্লছ স্কুল। যাৰ ফলত অতি শোকাবহভাৱে মৃত্যুক সাবা সাবটি লয় ৫৩ কণমানি ছাত্ৰীয়ে। ইৰানৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আই আৰ এনৰ বাতৰিত দাবী কৰা অনুসৰি মিত্র বাহিনীৰ ক্ষেপণাস্ত্ৰই ধ্বংস কৰা এই গাৰ্লছ স্কুলখন হৰমোজগান প্ৰদেশৰ মিনাৰত অৱস্থিত। এই মিনাৰতে আছে ইছলামিক বিভলিউচনাৰী গাৰ্ডৰ এটা ঘাটি। এই ঘাটিটোক উদ্দেশ্যি ইজৰাইল-আমেৰিকান বাহিনীয়ে ক্ষেপণাস্ত্র নিক্ষেপ কৰিছিল। কিন্তু লক্ষ্যভ্রষ্ট হৈ বিদ্যালয়খনত আঘাত হনাত যুদ্ধৰ বলি হ’বলগীয়া হ’ল ৫৩ কামানি ছাত্রী। এই কৰণ ঘটনাত আহত হৈছে আন ৬৪ শিক্ষার্থী। ইফালে, মিত্র বাহিনীৰ আক্ৰমণত ইৰানৰ প্ৰতিৰক্ষা মন্ত্রী আমীৰ নাছিবজাদে আৰু ইছলামিক ৰিভলিউচনাৰী গাৰ্ডৰ শীৰ্ষ কমাণ্ডাৰ মহম্মদ পাকপৌৰৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ ঘনিষ্ঠৰূপে পৰিচিত পাকপৌৰক বিগত বৰ্ষত মেজৰ জেনেৰেল পদত অধিষ্ঠিত কৰা হৈছিল। এইজন শীর্ষ কমাণ্ডাৰে ইজৰাইল-আমেৰিকাক মুকলিকৈ সকীয়াই দি কৈছিল যে আমাক ভাবুকি দি কোনো লাভ নাই। সামগ্রিকভাৱে মিত্র বাহিনীৰ আক্ৰমণত দুই শতাধিকৰ প্ৰাণ হানি ঘটাৰ
বিপৰীতে ১,২২০জন লোক আহত হোৱা বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ। ইৰানৰ প্ৰত্যাক্ৰমণতো আবু ধাবিত এজন লোকৰ মৃত্যু হোৱা বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ। তেহৰানে আবু ধাবিস্থিত মার্কিন ঘাটিক লক্ষ্য কৰি নিক্ষেপ কৰা এটা ক্ষেপণাস্ত্র আবাসিক এলেকাত পৰাৰ ফলতেই লোকজনৰ মৃত্যু হয়।