...

নগাঁৱৰ কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন

Spread the love

নগাঁৱৰ কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন

অসম আন্দোলনৰ সময়তকৈ বৰ্তমানৰ সময় অতি জটিল আৰু ভয়াৱহ– সমুজ্জ্বল ভট্টাচাৰ্য

নগাঁও,

অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰাৰ উদ্দেশ্যে অসমৰ শক্তিশালী জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে ১০ ডিচেম্বৰত “কেন্দ্ৰীয় শ্বহীদ দিৱস” উদযাপন কৰি আহিছে। ১৯৭৯ চনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ছয়বছৰ ধৰি হোৱা ঐতিহাসিক অসম আন্দোলনত ৮৬০গৰাকী লোক শ্বহীদ হৈছিল। ১৯৭৯ চনৰ ১০ ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰে শ্বহীদ বৰণ কৰিছিল। তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে ১০ডিচেম্বৰত কেন্দ্ৰীয় শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। এইবছৰো কেন্দ্ৰীয় শ্বহীদ দিৱসটি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত,কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে বুধবাৰে কলিয়াবৰত উদযাপন কৰা হয়। কুঁৱৰীটোলৰ ঐতিহ্যমণ্ডিত গান্ধী খেলপথাৰত আয়োজিত দিৱসৰ কাৰ্যসূচী অনুসৰি শ্বহীদ দিৱসৰ মূল কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ।সভাপতি উৎপল শৰ্মাই ভাষণ প্ৰসংগত কয় অসম আন্দোলনত নগাঁৱৰ কলিয়াবৰবাসীৰ অৱদান সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰত স্বৰ্ণিল আখৰেৰে জিলিকি থাকিব। যেতিয়া অবৈধ নিৰ্বাচন এটা জাপি দিয়া হৈছিল,তেতিয়া এই নিৰ্বাচনক অসমৰ ৰাইজে বৰ্জন কৰিছিল। শ্বহীদৰ ত্যাগক প্ৰকৃত মূল্য নিৰূপণৰ বাবে আছুৰ সংকল্পৰ বিষয়ে তেওঁ কয় যে অসম আন্দোলনৰ যি লক্ষ্য আছিল,যি সত্তাক সাৰোগত কৰি ৮৬০গৰাকী শ্বহীদে হেলাৰঙে আত্মবলিদান দিছিল,সেই আদৰ্শ লক্ষ্যত যেতিয়ালৈকে উপনীত হ’ব নোৱাৰো তেতিয়ালৈকে অসমত গণ সংগ্ৰামৰ প্ৰাসংগিকতা থাকিব আৰু আছুৱে এই ধাৰা অব্যাহত ৰাখিব।‌ আনহাতে ভোটাৰ তালিকা সংশোধনৰ বিষয়ে শৰ্মাই কয় যে এন আৰ চিত বিদেশীৰ নাম ৰৈ গ’ল,এতিয়া ভোটাৰ তালিকাৰ সংশোধন কৰিব বিচাৰিছে। কৰক আমাৰ আপত্তি নাই। ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন হোৱাতো বিচাৰো। কিন্তু একে সময়তে বাস্তৱ সত্য উপলব্ধি কৰি আগবাঢ়িব লাগিব। অসমত যেতিয়ালৈকে এখন শুদ্ধ নাগৰিকপঞ্জী নহয়,তেতিয়া লৈকে এছ আৰ,এছ আই আৰ যিয়েই নহওঁক,শুদ্ধ ভোটাৰ তালিকা সম্ভৱ নহয়। অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত স্থাপন হোৱাৰ তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা অচলাৱস্থাক লৈও উদ্বেগ প্ৰকাশ কৰে‌ আছুৰ সভাপতিগৰাকীয়ে। পতাকা
উত্তোলনৰ পিছতেই অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

ভাষণ প্ৰসংগত ডঃ ভট্টাচাৰ্যই কয় যে অসম আন্দোলনৰ সময়তকৈ বৰ্তমানৰ সময় অতি জটিল আৰু ভয়াৱহ । জোঁৰ পুৰি হাত পোৱা নাই,কিলাকুটি পাৰ হৈ বাহু পালেহি। অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনে অসমৰ জনবিন্যাসত পৰিৱৰ্তন আনিছে । ইয়াৰ সমাধানৰ উপায় হ’ল–অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ’ব লাগিব। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী কৰি সাংবিধানিক ৰক্ষাকৱচ দিব লাগিব। সাংবিধানিক ৰক্ষাকৱচ অসমীয়া জনগণৰ প্ৰাপ্য। এইটো দয়া-মৰম নহয়। ছবছৰ আন্দোলনৰ পাছত চুক্তি, তথাপিও যোৱা ৪৬ বছৰে জাতিটোৱে সংগ্ৰাম কৰি আছে । তেওঁ লগতে কয় যে ভাৰতৰ এনে ৰাজ্য নাই যি অসমৰ দৰে নিজৰ ভাষা-সংস্কৃতি,অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে । ইয়াৰ সমাধান লাগিব,সমাধান নোপোৱালৈকে আমি ক্ষান্ত নহওঁ । ৮৬০ কোনো সংখ্যা নহয়,৮৬০ টা জীৱন। এই ত্যাগক আমি অথলে যাবলৈ নিদিওঁ। যেতিয়ালৈকে এই সমস্যাৰ সমাধান নহয়,তেতিয়ালৈকে এই সংগ্ৰাম অব্যাহত ৰাখিম। কিয়নো এইখন আমাৰ অসম। ইয়াত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব,সৰ্বকালৰ বাবে নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব। তেতিয়ালৈকে আমি এই সংগ্ৰাম অব্যাহত ৰাখিম

 

” স্মৃতি তৰ্পণ কৰে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। ইয়াৰ পিছতে ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত ৮৬০ গছি বন্তি প্ৰজ্বলন কৰি অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰসকলক স্মৰণ কৰে আছুৰ নেতা-কৰ্মীসকলে। দিৱসৰ কাৰ্যসূচী অনুসৰি মূল তোৰণ উন্মোচন কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ হাজৰিকাই আৰু মূলমঞ্চ তথা প্ৰেক্ষাগৃহ উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতি,কলিয়াবৰ শাখাৰ সভানেত্ৰী সন্ধ্যা খাউণ্ডে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ পিছত নিশালৈ সন্মিলিত শিল্পী সমাজ,কলিয়াবৰৰ দ্বাৰা “পাৰিজাত হৰণ” অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয়।‌ স্মৰ্তব্য যে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত ভাগৱত,কোৰাণ আৰু বাইবেল পাঠ কৰা হয়। বন্তি প্ৰজ্বলনৰ লগে লগে “হে’ শ্বহীদ তোমাক সহস্ৰ প্ৰণাম” আৰু মুকলি সভাৰ আৰম্ভণিতে ছাত্ৰ সন্থাৰ শতাধিক সদস্যই “সদৌ অসম ছাত্ৰ সন্থাৰ আমি যুৱক-যুৱতীৰ দল” শীৰ্ষক সমবেত সংগীত পৰিৱেশনে উপস্থিত সকলোকে আৱেগিক আৰু আপ্লুত কৰি তোলে। আদৰণী সমিতিৰ মুখ্য সম্পাদক মৃগাংক শেখৰ‌ ভৰালী হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু সভাপতি নবীন‌ বৰঠাকুৰে আঁত ধৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাই। নিৰ্দিষ্ট বক্তা তথা স্মৃতিগ্ৰন্থৰ উন্মোচন কৰে সন্থাৰ‌ মুখ্য উপদেষ্টা ডঃ সমুজ্বল ভট্টাচাৰ্যই। সভাত কলিয়াবৰ সম জিলাৰ আয়ুক্ত ৰাজ বৰুৱা,অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা, অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে বহু কেইবাগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *