সদৌ অসম গাওঁ প্ৰধান সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ দশম পঞ্চম বাৰ্ষিক অধিবেশন সম্পন্ন
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱাৰ চ্যুকাফা ভৱনত যোৱা ২৮ ফেব্ৰুৱাৰী আৰু ১মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম গাওঁ প্ৰধান সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ দশম পঞ্চম বাৰ্ষিক অধিবেশন খন সম্পন্ন হৈ যায়।২৮ফেব্ৰুৱাৰীত কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলা গাওঁ প্ৰধান সন্থাৰ সভাপতি মিহিৰ কুমাৰ মিলিয়ে, সহযোগ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি লক্ষ্মীনাথ সোণোৱালে, স্মৃতি তৰ্পণ কৰে জিলা সম্পাদক ৰঞ্জিত বৰাই সহযোগ কৰে অভ্যৰ্থনা সমিতিৰ সম্পাদক পূৰণ ভক্তাই। আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসমীয়াৰ হিয়াৰ আমঠু বিশ্ববৰেণ্য শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত শ্ৰদ্ধাৰ্ঘ নিবেদন আৰু বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ সমূহ উদ্যোক্তা সকলে। উক্ত কাৰ্যসূচীৰ পিছত বৃক্ষৰোপণ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি লক্ষ্মীনাথ
সোণোৱালে, মঞ্চ মুকলি কৰে নাহৰকটীয়া চক্ৰই। ইয়াৰ উপৰিও চাহ বিৰতি, জিলা কাৰ্যনিৰ্বাহক , প্ৰতিনিধি পঞ্জীয়ন অনুষ্ঠিত হয়। বিয়লি অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয় বাছনি সভাৰ পৰ্যবেক্ষক হিচাপে সদৌ অসম গাওঁ প্ৰধান সন্থাৰ উপ-সভাপতি অমৰনাথ চেত্ৰী, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পৰেশ চুতীয়াই পৰিচালনা কৰে। আনহাতে সাংস্কৃতিক সন্ধিয়াত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰে। আজি ১মাৰ্চত পুৱা সামূহিক চাফাই অভিযান, চাহ বিৰতিৰ পিছত বিয়লি ২বজাত সদৌ অসম গাওঁ প্ৰধান সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মিহিৰ কুমাৰ মিলিৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনৰ আতঁধৰা লগতে সভাৰ কাৰ্যসূচী পৰিচালনা কৰে অভ্যৰ্থনা সমিতিৰ সম্পাদক পূৰণ ভক্তাই। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি ডিব্ৰুগড় জিলা গাওঁ প্ৰধান সন্থাৰ উপদেষ্টা নৰোত্তম চৱৰে গাওঁ প্ৰধান সকলে গাঁৱৰ মুখিয়াল হিচাপে সামাজিক, প্ৰশাসনিক অনুশাসন পৰিচালনাৰে , সামাজিক দায়বদ্ধতাৰে সেৱা আগবঢ়াই আহিছে বুলি প্ৰকাশ কৰে আৰু গাওঁ প্ৰধান সকলে সদায় নিজৰ ব্যক্তিগত জীৱনৰ কৰ্মৰাজি সম্পাদনাৰ মাজতে চৰকাৰী নীতি নিৰ্দেশনাৰ দায়িত্ব পালন কৰি মানৱীয় প্ৰমূল্যবোধ, গাঁৱৰ শৃংখলাবদ্ধতা বজাই ৰাখিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে। নিদিষ্ট বক্তা হিচাপে সদৌ অসম গাওঁ প্ৰধান সন্থাৰ সাধাৰণ সম্পাদক ঘনশ্যাম তালুকদাৰে কয় যে গাওঁ প্ৰধান সকলে নিজৰ এলেকাৰ গাওঁ সমূহৰ সামূহিক ভাবে বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰোঁতে সদায় তৎকালীন বদ্ধপৰিকৰ হৈ থাকে আৰু গাওঁ প্ৰধান সকলে গাঁৱৰ মুখিয়াল ৰূপে কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত গাওঁ বাসীৰ সহযোগিতাৰে যোগাত্মক দৃষ্টিভংগীৰে দৃঢ়তাৰে প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস চলাই আহিছে, সেয়ে সদৌ অসম গাওঁ প্ৰধান সন্থাই গাওঁ প্ৰধান সকলৰ স্বাৰ্থত সদায়েই কৰ্মপ্ৰেৰণাৰে সেৱা আগবঢ়ায় যাব বুলি প্ৰকাশ কৰে।সভাত সদৌ অসম গাওঁ প্ৰধান সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সমৰেন্দ্ৰ হাজৰিকাই আমন্ত্ৰিত অতিথিৰ গাওঁ প্ৰধান সকলে গাঁৱৰ প্ৰধানৰ দায়িত্ব পালন কৰোঁতে সংশ্লিষ্ট গাঁৱ সমূহৰ জনসাধাৰণৰ সহাঁৰি, সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত খোৱাং সমষ্টিৰ যুৱনেতা সমাজকৰ্মী পৰাগ দত্ত, বিশিষ্ট ক্ৰীড়া সংগঠক ৰাজেশ বদন নায়ক, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, সমাজকৰ্মী জোনটি গগৈৰ উপৰিও সভাত প্ৰাক্তন গাওঁ প্ৰধান আৰু জ্যেষ্ঠ গাওঁ প্ৰধান সকলক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে
যোৱা কালি অনুষ্ঠিত ডিব্ৰুগড় জিলা গাওঁ প্ৰধান সন্থাৰ বিষয় বাছনি সভাত সৰ্বসন্মতিক্ৰমে পবিত্ৰ কোঁৱৰক সভাপতি, মাধুৰ্য শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১জনীয়া ডিব্ৰুগড় জিলা গাওঁ প্ৰধান সন্থাৰ নৱনিৰ্বাচিত সমিতিখন গঠন কৰা হয়। অনুষ্ঠানত ডিব্ৰুগড়ৰ জিলাৰ পূব ,পশ্চিম, মৰাণ, টিংখাং , চাবুৱা, নাহৰকটীয়া, টেঙাখাট আদি ৰাজচক্ৰৰ সভাপতি সম্পাদক সকলৰ উপৰিও সংশ্লিষ্ট গাওঁ প্ৰধান সকলে অংশগ্ৰহণ কৰে।