Skip to content আখটাৰ হুচেইন ওৰফে আৰবিন(৫৬) মৃত্যু
চাইন অন ডেস্ক:
ডিব্ৰুগড় যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ অধীনস্থ এচ এইচ টি অ’ৰ কৰ্মচাৰী তথা ডিব্ৰুগড়ৰ লাহোৱাল বাইপাছৰ নিবাসী আখটাৰ হুচেইন ওৰফে আৰবিন(৫৬)ৰ আজি মৃত্যু হয়।বিগত কিছুদিন ধৰি চিকিৎসাধীন হৈ থকা আখটাৰৰ এনে আকস্মিক মৃত্যুত ডিব্ৰুগড় যুটীয়া স্বাস্থ্য সঞ্চালকৰ সকলো কৰ্মচাৰীয়ে দুখ প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।প্ৰয়াত হুচেইন অতি সহজ,সৰল আৰু অমায়িক হোৱাৰ লগতে সকলো জাতি-ধৰ্ম-বৰ্ণৰ সতে সহজেই আত্মীয়তা গঢ়ি তুলিছিল।আখটাৰে,দুটামান দশক অসমৰ সংবাদ জগতৰ সৈতে জৰিত থাকি ইউ বি ফটোত নিজ কৰ্মৰে নিজস্ব প্ৰতিভা বিকাশ কৰি থৈ যোৱাৰ উপৰিও চাৰি বন্ধুৰ সৈতে বিশ্ব শান্তি কামনাৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল মটৰ চাইকেলৰে ভ্ৰমণ এক উল্লেখযোগ্য বুলি বিবেচিত হৈ আহিছে।তেখেতৰ মৃত্যুত ডিব্ৰুগড়ৰ সকলো সাংবাদিকে গভীৰ শোক প্ৰকাশ কৰে।মৃত্যুৰ সময়ত মাতৃ, পত্নী,দুই পুত্ৰ-বোৱাৰীক ইহসংহাৰত এৰি থৈ যায়।আজি নিশা ১০ বজাত দিনজানত জানাজা সম্পন কৰা হয়।