...

আকাশা এয়াৰৰ ডিব্ৰুগড়ৰ পৰা বিমান সেৱা আৰম্ভ

Spread the love

আকাশা এয়াৰৰ ডিব্ৰুগড়ৰ পৰা বিমান সেৱা আৰম্ভ

ডিব্ৰুগড়ৰ পৰা বাগডোগ্ৰা হৈ বেংগালুৰু

আজিৰ পৰা সপ্তাহত তিনিদিনীয়াকৈ উপলব্ধ হ’ব

চাইন অন ডেস্ক:

আকাশা এয়াৰে আজিৰে পৰা ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা নিজৰ বিমান সেৱা আৰম্ভ কৰিছে। গুৱাহাটীৰ পিছত উত্তৰ-পূৰ্বাঞ্চলত এয়া, বিমান সংস্থাটোৰ দ্বিতীয়টো লক্ষ্যস্থান, যিয়ে বৃহত্তৰ অঞ্চলটোৰ বিমান সংযোগ ব্যৱস্থাক যথেষ্ট শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।এই সেৱা আৰম্ভ হোৱাৰ লগে লগে আকাশা এয়াৰৰ বৰ্ধিত ঘৰুৱা নেটৱৰ্কত ডিব্ৰুগড় ৩২ সংখ্যক লক্ষ্যস্থান হিচাপে পৰিগণিত হৈছে।আনহাতে,এই সম্প্ৰসাৰণৰ অংশ হিচাপে, বিমান সংস্থাটোৱে ডিব্ৰুগড়ৰ পৰা বাগডোগ্ৰা হৈ বেংগালুৰু সংযোগী সপ্তাহত তিনিখনকৈ বিমান সেৱা প্ৰৱৰ্তন কৰিছে। বিমানখন ডিব্ৰুগড় বিমানবন্দৰৰ পৰা পুৱা ১১:১৫ বজাত যাত্ৰা কৰি বিয়লি ৪:৩০ বজাত বেংগালুৰু পাবগৈ। এই যাত্ৰাপথত বাগডোগ্ৰা বিমানবন্দৰত ৩৫ মিনিটৰ এক কাৰিকৰী বিৰতি থাকিব আৰু বিমানসমূহ প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে চলাচল কৰিব বুলিও জানিব পৰা গৈছে।
বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, “আকাশা এয়াৰৰ সেৱা আৰম্ভ হোৱাৰ ফলত যাত্ৰীসকলে ভ্ৰমণৰ বাবে অধিক বিকল্প লাভ কৰাৰ লগতে দেশৰ প্ৰধান চহৰসমূহৰ সৈতে উন্নত সংযোগ লাভ কৰিব বুলি আশা কৰা হৈছে।” এই নতুন পথসমূহে ব্যৱসায়ী আৰু পৰ্যটক উভয়কে উপকৃত কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত যাতায়ত ব্যৱস্থা শক্তিশালী কৰিব আৰু অঞ্চলটোৰ অৰ্থনৈতিক সংহতি বৃদ্ধি কৰিব।
আকাশা এয়াৰৰ নেটৱৰ্কত ডিব্ৰুগড়ৰ অন্তৰ্ভুক্তি উজনি অসমৰ অন্যতম প্ৰধান বাণিজ্যিক কেন্দ্ৰ হিচাপে চহৰখনৰ মৰ্যাদা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উন্নত বিমান সংযোগে চুবুৰীয়া উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে ডিব্ৰুগড়ক এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব।যিয়ে নেকি পৰ্যটন, বাণিজ্য আৰু সামগ্ৰিক আঞ্চলিক উন্নয়নত সহায় কৰিব।
ডিব্ৰুগড়ত আকাশা এয়াৰৰ প্ৰৱেশ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো চহৰখন অসমৰ দ্বিতীয়খন ৰাজধানী হোৱাৰ দিশত অগ্ৰসৰ হৈছে। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড়ত দ্বিতীয়টো বিধানসভা ভৱন কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিছে। এনে পৰিপ্ৰেক্ষিতত উন্নত বিমান সংযোগে চহৰখনৰ বিকশিত আৰু অৰ্থনৈতিক গুৰুত্বক অধিক গতি প্ৰদান কৰিব।
বিমান সংস্থাটোৰ এজন বিষয়াই কয় যে এই শেহতীয়া সম্প্ৰসাৰণৰ জৰিয়তে আকাশা এয়াৰে উত্তৰ-পূৰ্বাঞ্চলত নিজৰ উপস্থিতি শক্তিশালী কৰিছে, যিয়ে অঞ্চলটোত বিমান সংযোগ আৰু সুলভতা বৃদ্ধিৰ ব্যাপক প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *