...

পুৱতি নিশা ডিব্ৰুগড় থানাৰ পৰাই মুকলি কৰিলে অজাপৰ দুই কৰ্মীক

Spread the love

পুৱতি নিশা ডিব্ৰুগড় থানাৰ পৰাই মুকলি কৰিলে অজাপৰ দুই কৰ্মীক

খেনোক দেখি ৰন্ধা-বঢ়া আৰু খেনোক দেখি দোৱাৰ মৰা নীতি প্ৰশাসনে বন্ধ কৰিব লাগিব:লুৰিণ

 

চাইন অন ডেস্ক:

ভোটগ্ৰহণৰ দিনা খোৱাঙৰ কুটুহাত সংঘটিত হোৱা নিৰ্বাচনী হিংসাৰ ঘটনাত জড়িত থকাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে কালি আটক কৰা নৱ কোঁৱৰ আৰু ঋতুপৰ্ণ বৰুৱাক আজি পুৱতি নিশা মুকলি কৰে। খোৱাং আৰক্ষীয়ে দুই অজাপ কৰ্মীক আটক কৰি কালি ডিব্ৰুগড় সদৰ থানাত বহুৱাই ৰখা হৈছিল। এই খবৰ বিয়পি পৰাৰ পাছতে কালি হাজাৰ হাজাৰ অজাপ কৰ্মীৰ দল আহি সমবেত হয় ডিব্ৰুগড় সদৰ থানা। অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে কালি ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈ প্ৰায় দুঘন্টা সময় ধৰি শীৰ্ষ আৰক্ষী বিষয়াৰে আলোচনাত মিলিত হয়। কেৱল সেয়াই নহয়, ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়লৈ গৈ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সৈতে হোৱা কেইবাঘন্টাজোৰা আলোচনাৰ অন্ততঃ আজি পুৱতি নিশা আৰক্ষীয়ে মুকলি কৰি দিয়ে দুই অজাপ কৰ্মীক। লুৰীণজ্যোতি গগৈৰ মতে, কুটুহাত সংঘটিত হোৱা ঘটনাটোত নৱ আৰু ঋতুপৰ্ণ উপস্থিতেই নাছিল। সেই সময়ত ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী কাম-কাজত ব্যস্ত আছিল নৱ আৰু ঋতুপৰ্ণ। সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰৰে আৰক্ষীয়ে আটক কৰি নিয়া বুলি অভিযোগ কৰিছে। ইফালে আজি লুৰীণজ্যোতি গগৈয়ে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আমাৰ কৰ্মীক কৰায়ক্ত কৰি বিজেপিয়ে পোনপটীয়াকৈ গুণ্ডাগিৰী ৰাজনীতি আৰম্ভ কৰিছে। প্ৰাক্তন মন্ত্ৰী বিমল বৰাই উচতনিমূলক মন্তব্যৰ বাবে ভৱিষ্যতৰ দিনত এনেধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। অনাগত দিনত এনেধৰণৰ ঘটনা বা পৰিস্থিতি সৃষ্টি হ’লে তাৰ বাবে বিমল বৰা জগৰীয়া হ’ব। চৰকাৰী পক্ষৰ হেঁচাৰ বাবে নিৰ্দোষী যুৱকক হাৰাশাস্তি কৰি কৰায়ক্ত কৰিছে। আমি আৰক্ষীৰ এই কাৰ্যক বিৰোধিতা কৰিছো। সকলোকে সমান অধিকাৰ দিব লাগে। বিজেপিয়ে সন্ত্ৰাস, গুণ্ডাগিৰী চলাইছে। কিন্তু আক্ৰমণকাৰী বিজেপিক এতিয়ালৈকে কৰায়ক্ত কৰিব পৰা নাই। খেনোক দেখি ৰন্ধা-বঢ়া আৰু খেনোক দেখি দোৱাৰ মৰা নীতি প্ৰশাসনে বন্ধ কৰিব লাগিব। উল্লেখ্য যে, আজি লুৰীণজ্যোতি গগৈয়ে শিৱসাগৰত কুশল দুৱৰী বাহিনীৰ আক্ৰমণত আহত হোৱা কৃষক মুক্তিৰ নেতা বিদ্যুৎ শইকীয়াৰ স্বাস্থ্যৰ বুজ লয়। অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ চিকিৎসা ব্যৱস্থাৰো বুজ ল’লে লুৰীণজ্যোতি গগৈয়ে। লুৰীণজ্যোতি গগৈয়ে বিদ্যুতৰ স্বাস্থ্য বুজ লোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত কয় যে, বিজেপিয়ে কেৱল শিৱসাগৰ সমষ্টিতেই নহয়, সকলোতে শেষৰক্ষাৰ অস্ত্ৰ হিচাপে গুণ্ডাগিৰি আৰম্ভ কৰিছে। অসমত বিজেপিয়ে জংঘলৰাজ চলাব খুজিছে। এয়া আমি হ’বলৈ নিদিওঁ। বিজেপিৰ গুণ্ডাগিৰিক অসমৰ ৰাইজে সন্মিলিতভাৱে প্ৰতিহত কৰিব। বিদ্যুৎ শইকীয়াক আক্ৰমণ কৰা দুৰ্বৃত্তক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিবৰ বাবে প্রশাসনক দাবী জনাইছোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *