এ আই ইউ ডি এফৰ দ্বিতীয় প্ৰাৰ্থী তালিকা ঘোষণা
অতি শীঘ্ৰে ঘোষণা হব তৃতীয় প্ৰাৰ্থী তালিকা
ধুুবুৰী:
যোৱা ৯ মাৰ্চৰ দিনা ৯ জনীয়া প্ৰথমটো প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছত আজি এআইইউডিএফ দলে নিজৰ দ্বিতীয়টো প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। দলটোৰ সভাপতি বদৰুদ্দিন আজমলে স্বাক্ষৰ কৰা এই তালিকাত মুঠ ১২টা বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা হৈছে। ঘোষিত সেই প্ৰাৰ্থী তালিকা মতে, বিন্নাকান্দি সমষ্টিৰ পৰা স্বয়ং বদৰুদ্দিন আজমলে প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে গোৱালপাৰা পূব সমষ্টিৰ পৰা হাফিজ বছিৰ আহমেদ, ধুবুৰীৰ পৰা নজৰুল হ’ক আৰু দলগাঁওৰ পৰা মাজিবুৰ ৰহমানক প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। ইয়াৰ উপৰিও চেঙাৰ পৰা আশ্ৰাফুল হুছেইন, চামগুৰিৰ পৰা আব্দুল আজিজ, কৰিমগঞ্জ দক্ষিণৰ পৰা শ্বাহিব উদ্দিন আৰু ছমৰীয়াৰ পৰা ইমদাদ হুছেইনক প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে। ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ পৰা জমশেৰ তালুকদাৰ আৰু বিজনীত মুচুখা বসুমতাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।আনহাতে, ৰহা (এছচি) সমষ্টিৰ পৰা মুকুট দাস আৰু ৰাম কৃষ্ণ নগৰ (এছচি) সমষ্টিৰ পৰা ডা° অনুপ কুমাৰ দাস তালুকদাৰক প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। ইপিনে, ধুবুৰীৰ বিধায়ক তথা এআইইউডিএফ দলৰ প্ৰাৰ্থী নজৰুল হ’কে পৰৱৰ্তীকালত ঘোষিত হ’বলগীয়া ৮/১০ জনীয়া তালিকাত ধুবুৰী বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰা হ’ব সদৰি কৰিছে। আনহাতে, সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ধুবুৰীত কংগ্ৰেছৰ সৈতে প্ৰতিদ্বন্দিতা হ’লেও ইমান তীব্ৰ প্ৰতিদ্বন্দিতা নহয় বুলি মন্তব্য কৰিছে। আনহাতে, মানকাচৰৰ দলীয় বিধায়ক আমিনুল ইছলামে এতিয়ালৈ এআইইউডিএফৰ কোৰ কমিটিৰ ওচৰত প্ৰাৰ্থীত্ব বিচাৰি আবেদন নকৰিলেও অহা দুই/এদিনৰ ভিতৰত ইছলামে সিদ্ধান্ত ল’ব বুলিও আশা প্ৰকাশ কৰে হ’কে।