ৰংপুৰ সংমণ্ডলত থকা প্ৰস্তাৱিত বিমান ঘাটিটো ভাৰতৰ সীমান্তৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত্বত
চাইন অন ডেক্সঃ
ভাৰতৰ সংস্থাসমূহৰ হাতত এনে ইনপুট আছে যিবোৰ চীনৰ বিষয়াসকলে শেহতীয়াকৈ ভাৰতৰ ‘চিকেন নেক’ৰ ওচৰত বাংলাদেশে নিৰ্মাণ কৰি থকা বিমান ঘাটিটোৰ স্থান পৰিদৰ্শন কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ যুগৰ বিমানক্ষেত্ৰ থকা লালমনিহাটস্থিত বিমান ঘাটিটো নিৰ্মাণৰ বাবে ঢাকাই চীনৰ পৰা সাহায্য বিচাৰি আহিছিল। ২০২৫ চনৰ মাৰ্চ মাহত এই প্ৰকল্পটো উন্মোচন কৰা হৈছিল, যাৰ ফলত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ বাবে বিশেষকৈ পূব খণ্ডত সতৰ্কতা অৱলম্বন কৰা হৈছিল।
বাংলাদেশৰ উপদেষ্টা মহম্মদ ইউনুছ আৰু উত্তৰ-পূবৰ তেওঁৰ সহায়কসকলে বিভিন্ন প্ৰেক্ষাপটত বাৰে বাৰে উল্লেখ কৰাৰ পটভূমিত এই কথা প্ৰকাশ পাইছে। ৰংপুৰ সংমণ্ডলত থকা প্ৰস্তাৱিত বিমান ঘাটিটো ভাৰতৰ সীমান্তৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত্বত।
চৰকাৰী সূত্ৰই জনোৱা মতে, প্ৰস্তাৱিত বিমান ঘাটিটোত ৰখা হ’বলগীয়া সম্পত্তিৰ ওপৰত ভাৰতীয় সংস্থাসমূহে তীক্ষ্ণ দৃষ্টি ৰাখিছে। সূত্ৰসমূহে লগতে কয় যে সংস্থাসমূহে এই বিমান ঘাটিটো অসামৰিক কামত, প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হ’ব নে ভৱিষ্যতৰ বিমান নিয়োগ কৰা হ’ব সেয়া নিৰীক্ষণত আছে।
প্ৰতিৰক্ষা বিষয়াসকলে কয়, ‘‘তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি চাব লাগিব যে বাংলাদেশে চীন আৰু পাকিস্তানৰ দৰে আন দেশক ইয়াক ব্যৱহাৰ কৰিবলৈ অনুমতি দিব নেকি, বাংলাদেশে তেওঁলোকৰ নিৰাপত্তাজনিত কাৰণত বিমানক্ষেত্ৰ উন্নয়ন কৰাৰ অধিকাৰ আছে, কিন্তু সেইটো ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰা উচিত নহয়।’
উত্তৰ-পূব আৰু শিলিগুৰি কৰিড’ৰত ভাৰতৰ শক্তিশালী সামৰিক উপস্থিতি আছে। ভাৰতীয় সেনাৰ ত্ৰিশক্তি কৰ্পছৰ মুখ্য কাৰ্যালয় শিলিগুৰিৰ ওচৰত। কৰিডৰত থকা হাচিমাৰা বিমান ঘাটিত ৰাফেল স্ক্ৱাড্ৰন আছে। তদুপৰি লালমনিহাট বিমান ঘাটি ভাৰতৰ আৰ্টিলাৰী ষ্ট্ৰাইকিং ৰেঞ্জৰ ভিতৰত আছে। ডক্লামত ভাৰত-চীনৰ স্থবিৰতাৰ কথা উল্লেখ কৰি বিষয়াসকলে কয় যে, ‘যিটোৱে উদ্বেগ সৃষ্টি কৰিছে সেয়া হ’ল যে এই বিমান ঘাটিটো সংঘাতৰ পৰিস্থিতিত ভাৰতৰ সামৰিক গতিবিধিৰ নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰিব পাৰে আৰু লগতে চোৰাংচোৱা সংগ্ৰহৰ কেন্দ্ৰও হ’ব পাৰে। বাংলাদেশৰ নতুন শাসন ব্যৱস্থাৰ অধীনত ঢাকা আৰু বেইজিঙৰ মাজত প্ৰতিৰক্ষা সম্পৰ্ক গভীৰ হৈ আহিছিল। চীনে বিপুল পৰিমাণৰ অস্ত্ৰ যোগান ধৰি আহিছে আৰু সহযোগিতা বৃদ্ধি কৰি বাংলাদেশত সামৰিক আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে।