...

পুনৰ বিমানত অঘটন !

Spread the love

পুনৰ বিমানত অঘটন !

উৰণৰ চাৰি ছেকেণ্ডৰ পিছতেই ধৰাত খহি পৰিল বিমান

ডাচ্ছ ইহুদী এভিয়েশ্যনৰ বিমান

এথেন্সৰ পৰা ক্ৰ’ৱেচিয়াৰ পুলালৈ উৰা মাৰিছিল

 

লণ্ডন:

পুনৰ বিমানত অঘটন ! উৰণৰ চাৰি ছেকেণ্ডৰ পিছতেই ধৰাত খহি পৰিল বিমান।
লণ্ডনৰ চাউথেণ্ডত এই অঘটন। বিমানবন্দৰৰ পৰা উৰা মৰা এখন বিমান উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাত পতিত হয়৷এই কথা সদৰী কৰে বিমানবন্দৰ কৰ্তৃপক্ষৰ লগতে প্ৰত্যক্ষদৰ্শীয়ে। পুনৰ জাননী নিদিয়া পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰটো। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোকৰ হতাহতৰ খবৰ পোৱা নাই ৷
নেদাৰলেণ্ডৰ জিউচ এভিয়েশ্যনৰ দ্বাৰা পৰিচালিত এই বিমানখনে দেওবাৰে গ্ৰীচৰ ৰাজধানী এথেন্সৰ পৰা ক্ৰ’ৱেচিয়াৰ পুলালৈ আৰু তাৰ পিছতে চাউথএণ্ডলৈ উৰা মাৰিছিল।দেওবাৰে সন্ধিয়া নেদাৰলেণ্ডৰ লেলিষ্টাডলৈ ঘূৰি অহাৰ কথা আছিল বিমানখন ৷
জিউচ এভিয়েশ্যনে নিশ্চিত কৰে যে তেওঁলোকৰ অধীনৰ SUZ1 বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু কোম্পানীয়ে এই ঘটনাৰ তদন্তত সহযোগিতা আগবঢ়াইছে ৷
কোম্পানীটোৱে এক বিবৃতিত এনেদৰে কয়, ‘‘আমি ক্ষতিগ্ৰস্ত সকলোৰে সৈতে আছো ।’’
একাংশ ব্ৰিটিছ সংবাদ মাধ্যমৰ মতে, এই দুৰ্ঘটনাত ৰোগী কঢ়িয়াই নিয়াৰ বাবে চিকিৎসা ব্যৱস্থাৰে সজ্জিত ১২ মিটাৰ (৩৯ ফুট) দীঘল টাৰ্বোপ্ৰপ বিমান বিচক্ৰাফ্ট বি-২০০ ছুপাৰ কিং এয়াৰ বিমানখন দুৰ্ঘটনাত পতিত হয় ।
ৰাজধানীৰ পৰা প্ৰায় ৪৫ মাইল (৭২ কিলোমিটাৰ) পূবে অৱস্থিত তুলনামূলকভাৱে সৰু বিমানবন্দৰটোৱে হৈছে লণ্ডন চাউথেণ্ড।পৰৱৰ্তী জাননী নিদিয়ালৈকে বিমানবন্দৰলৈ অহা-যোৱা কৰা সকলো বিমান বাতিল কৰাৰ বিপৰীতে আৰক্ষী, জৰুৰীকালীন সেৱা আৰু তদন্তকাৰী বিষয়াই ঘটনাস্থলীত কাম কৰি থকা দেখা গৈছে ।
সামাজিক মাধ্যমত প্ৰচাৰিত ছবিত দেখা গৈছে যে দুৰ্ঘটনাস্থলীৰ পৰা জুইৰ শিখা আৰু ক’লা ধোঁৱা ওলাই আহিছে।
পৰিয়ালৰ সৈতে বিমানবন্দৰত উপস্থিত থকা জন জনছন নামৰ প্ৰত্যক্ষদৰ্শীজনে ঘটনা সন্দৰ্ভত এনেদৰে কয়, “বিমানখনে প্ৰথমে মাটিত আগভাগটোৰে খুন্দা মাৰিছিল ৷ তাৰ পিছত ই উৰা মাৰে আৰু উৰণৰ প্ৰায় তিনি-চাৰি ছেকেণ্ডৰ পিছত ই বাওঁফালে তীব্ৰভাৱে হেলনীয়া হ’বলৈ ধৰিলে আৰু কেইছেকেণ্ডমানৰ ভিতৰতে ই প্ৰায় উলটি গ’ল আৰু সন্মুখৰ অংশটো প্ৰথমে মাটিত পৰে ।”
জনছনে লগতে কয় যে বিমানখন উৰণৰ পূৰ্বে তেওঁৰ পৰিয়ালটো বিমানবন্দৰটোত উপস্থিত হোৱাত পৰিয়ালৰ সদস্যসকলে পাইলটসকলক হাত জোকাৰি অভিবাদন জনাইছিল আৰু তেওঁলোকেও প্ৰত্যুত্তৰত হাত জোকাৰিছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *