কালিকা লাগিছে এয়াৰ ইণ্ডিয়াত !
থাইলেণ্ডত এয়াৰ ইণ্ডিয়া বিমানৰ জৰুৰী অৱতৰণ
ফুকেটৰ পৰা নতুন দিল্লীলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমান
_হঠাত আপাতকালীনভাৱে অৱতৰণ কৰিবলগীয়া হয়
কালিকাহে যেন লাগিছে এয়াৰ ইণ্ডিয়াত ? এতিয়া যেন আতংকৰ আন এক নাম ‘এয়াৰ ইণ্ডিয়া’ হৈ পৰিছে। বৃহস্পতিবাৰে আহমেদাবাদত সৰ্বতোকালৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান।য’ত প্ৰাণ হেৰুৱাইছিল বিমানখনৰ ২৪১ গৰাকীকৈ যাত্ৰীয়ে।আজিও মুম্বাইৰ পৰা লণ্ডনলৈ যাত্ৰা কৰা এখন বিমান ইজৰাইলৰ পৰাই পুনৰ মুম্বাইলৈ ঘূৰি আহিব লগাত পৰে।কেৱল সিমানেই নহয়,আজিও (শুকুৰবাৰে) ফুকেটৰ পৰা নতুন দিল্লীলৈ আহিবলৈ ওলোৱা এখন এয়াৰ ইণ্ডিয়াৰ বিমানৰ আপাতকালীন অৱতৰণ কৰিব লগীয়াত পৰে।
উল্লেখ্য যে এয়াৰ ইণ্ডিয়াৰ AI-379 বিমানখনত প্ৰায় ১৫৬ গৰাকী যাত্ৰী আছিল।এই বিমানখন শুকুৰবাৰে প্ৰায় পুৱা ৯:৩০ বজাত উৰা মাৰিছিল। কিন্তু ২০ মিনিট পিছত আপাতকালীনভাৱে অৱতৰণ কৰা হয়।ভাৰতীয় সময় অনুসৰি প্ৰায় দিনৰ ১১:৩৮ বজাত অৱতৰণ কৰা হয় বিমানখন।উৰণৰ প্ৰায় ২০ মিনিট পিছতে যি তথ্য লাভ কৰা হৈছিল সেই সময়ত বিমানখন আন্দামান সাগৰৰ ওপৰেৰে উৰি আছিল।অৱতৰণৰ পিছতে বিমানখনত চলোৱা হয় তালাচী অভিযান।অভিযানৰ অন্তত বিমানখনৰ ভিতৰত কোনো বোমা নাই বুলি বিমানবন্দৰ কৰ্তৃপক্ষ নিশ্চিত হয়।ইফালে এই ঘটনাক কেন্দ্ৰ কৰি বিমানখনৰ যাত্ৰীসকলো আতংকিত হৈ পৰে।