...

ৰাজ্যৰ কৃষি পথাৰত ভয়াৱহ খৰাং পৰিস্থিতি !

Spread the love

 

 

ৰাজ্যৰ কৃষি পথাৰত ভয়াৱহ খৰাং পৰিস্থিতি !

 

এক তৃতীয়াংশ জিলাত নাই বৰষুণ !
২১ খন জিলাত চন পৰি আছে কৃষিভূমি
জলসিঞ্চন বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে ক্ষোভ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

 

চাইন অন ডেস্ক:

ৰাজ্যৰ এক তৃতীয়াংশ জিলাত বৰষুণ নাই। ২১ খন জিলাত চন পৰি আছে কৃষিভূমি। জলসিঞ্চন বিভাগৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

ডিব্ৰুগড়ৰ হোটেল গাৰ্ডেন ট্ৰীটত কালি অনুষ্ঠিত হোৱা সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অসমৰ কৃষিপথাৰত দেখা খৰাং পৰিস্থিতিক লৈ চৰকাৰক সমালোচনা কৰি কয় যে অসমত ভয়ানক খৰাং, শুই আছে চৰকাৰ। গৰু, উচ্ছেদ, সাম্প্রদায়িক ৰাজনীতি, আদানিক মাটি দি নিজৰ চকী বচোৱাত মুখ্যমন্ত্রী ব্যস্ত হৈ আছে। তদুপৰি ৩৬ হাজাৰ কোটি টকা ব্যৱহাৰৰ হিচাপ-নিকাচত ব্যস্ত হৈ আছে বিভাগীয় মন্ত্ৰী অশোক সিংহাল।

সংবাদমেলত গগৈয়ে কয় যে, গৰু-গাহৰি, উচ্ছেদ, সাম্প্রদায়িক ৰাজনীতিৰে ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰে খৰাং পৰিস্থিতি মোকাবিলা কৰা বা জলসিঞ্চন বিভাগৰ জৰিয়তে ৰাইজক পানী যোগান দিয়াৰ বিষয়ত মন-কান নিদিয়াটো দুর্ভাগ্যজনক। কৃষি জাতিৰ মেৰুদণ্ড স্বৰূপ। ৰাজ্যৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮০ শতাংশ লোক কৃষি কৰ্মৰে জীৱন নিৰ্বাহ কৰে। অসমৰ মূল খেতি হৈছে ধান আৰু চাহ। দুয়োবিধ খেতিৰ বৰষুণৰ লগত সম্পর্ক আছে।কিন্তু এতিয়া অসমত চৰকাৰী জলসিঞ্চন ব্যৱস্থা প্রায় অস্তিত্ব বিহীন।দুর্ভাগ্যজনকভাৱে বর্তমানে ৰাজ্যত অত্যাধিক গৰম আৰু কম বৰষুণ হোৱাৰ ফলত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, ৰাজ্যৰ ২১ খন জিলাত অস্বাভাৱিকভাৱে বৰষুণ কম হৈছে বুলি কৈ যোৰহাট, গোলাঘাট, তিনিচুকীয়া, শোণিতপুৰ, নগাঁও, মৰিগাঁও, শিৱসাগৰ, লখিমপুৰ, কামৰূপ গ্রাম্য, কামৰূপ মহানগৰ, নলবাৰী, তামুলপুৰ, বাক্সা, কোকৰাঝা, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কাছাৰ, হাইলাকান্দি আৰু কাৰ্বি আংলঙত বৰষুণৰ অভাৱত খৰাঙৰ কৱলত পৰিছে।

জুন-জুলাই মাহত অসমত যিমান বৰষুণ হয়, তাৰ তুলনাত এইবাৰ ৬০ৰ পৰা ৯০ শতাংশলৈকে কম বৰষুণ হোৱাৰ কথা উল্লেখ কৰি অহা ১৫-২০ দিনত কঠিয়া ৰুই শেষ কৰিব নোৱাৰিলে খেতি ভাল নহ’ব বুলি কয়। কিন্তু অসমৰ কৃষি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ জলসিঞ্চন বিভাগ নামৰ এটা স্বতন্ত্র বিভাগ আছে।

কিন্তু ৫০ বছৰ পূৰ্বে গঠন হোৱা জলসিঞ্চন বিভাগে অসমৰ ১০০ শতাংশতো বাদেই, ১০ শতাংশ কৃষিভূমিতো পৰ্য্যাপ্ত পানী যোগানৰ ব্যৱস্থা কৰিব নোৱাৰাটো দুৰ্ভাগ্য জনক।

একেটা সংবাদমেলত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আৰু কয়, জলসিঞ্চন বিভাগৰ অধীনত ৰাজ্যত ৩,৯১৯ টা পানী যোগান প্রকল্প আছে। তাৰ ভিতৰত সৰহসংখ্যক প্রকল্প বর্তমানে অকাৰ্য্যক্ষম হৈ পৰি আছে বুলি তথ্য সহকাৰে সংবাদ মেলত প্ৰদৰ্শন কৰে।

বিজেপি দলে অসমত শাসনলৈ অহাৰ পূৰ্বে প্ৰকাশ কৰা ‘ভিজন ডকুমেন্ট ২০১৬-২০২৫’ত উল্লেখ কৰা মতে অসমৰ ৯৬ শতাংশ ভূমিত জলসিঞ্চনৰ ব্যৱস্থা নোহোৱা বুলি উল্লেখ থকা কথা কয়। জলসিঞ্চনৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান ২২ নম্বৰত।

ইপিনে অকল বিগত বিত্তীয় বর্ষত (২০২৪-২৫) অসম চৰকাৰে জলসিঞ্চন বিভাগত ১২ শ কোটিতকৈ অধিক (১১৬২.৭৬+১২৩.২৫ কোটি) টকা খৰচ কৰিছে বুলি তথ্য দাঙি ধৰি ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ২০২২ৰ পৰা ২০২৭ চনৰ ভিতৰত অসমৰ এশ শতাংশ কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ ৩৬,৪০৬ কোটি টকাৰ এক অভিলাসী আঁচনিয়ো প্ৰস্তুত কৰা বুলি উল্লেখ কৰি এইয়া সকলো ভালুকৰ সাঙি বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

আনহাতে আজিৰ সংবাদ মেলত জাতীয় পৰিষদৰ উপ-সভাপতি মইনাক পাত্ৰ আৰু বীৰেন বৰুৱা, পংখী শইকীয়াকে প্ৰমুখ্যে কৰি অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *