নৱপ্ৰজন্মক স্বনিৰ্ভৰশীল তথা উদ্যমী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আৰম্ভ কৃষি ডিপ্লʼমা পাঠ্যক্ৰম
নগাঁও, ১১ নবেম্বৰঃ ৰাজ্যৰ শিক্ষাত নতুন সংযোজন। কৃষি শিক্ষাৰ জৰিয়তে নৱপ্ৰজন্মক স্বনিৰ্ভৰশীল তথা উদ্যমী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আৰম্ভ হ’ল কৃষি ডিপ্লʼমা পাঠ্যক্ৰম। ৰাজ্যৰ কৃষি শিক্ষাত পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা এই পাঠ্যক্ৰম আৰম্ভ হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ মাণ্ডলিক গৱেষণা কেন্দ্ৰ,চিলঙনীত। তদুপলক্ষে মঙলবাৰে নগাঁও জিলাৰ চিলঙনীৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত কৃষি ডিপ্লʼমা কাৰ্যসূচীৰ প্ৰথম বৰ্ষৰ প্ৰথম ষাণ্মাষিকৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ বিদ্যুৎ চন্দন ডেকাই সভাপতিত্ব কৰা অনুষ্ঠানত অসম চৰকাৰৰ আয়ুক্ত সচিব তথা অসম চৰকাৰৰ কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজৰিয়াই মাংগলিক কাৰ্যসূচীৰ মাজেৰে তিনিবছৰীয়া এই কৃষি ডিপ্লʼমা পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰে।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ভাষণ প্ৰদান কৰি আয়ুক্ত অৰুণা ৰাজৰিয়াই “জীৱনত সফল হবলৈ লক্ষ্য স্থিৰ কৰিব লাগিব। এই পৃৃথিৱীত কোনো কাম সৰু ডাঙৰ নহয়। জীৱনত উপভোগ কৰিবলৈ সকলো স্কিল আয়ত্ব কৰিব লাগিব” বুলি প্ৰকাশ কৰে। মাণ্ডলিক গৱেষণা কেন্দ্ৰ,চিলঙনীৰ মুখ্য বিজ্ঞানী ডঃ হিৰণ্য কুমাৰ বৰাই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ,কৃষি বিজ্ঞানগুৰু ডঃ প্ৰসন্ন কুমাৰ পাঠক,বিশিষ্ট শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ কমল শইকীয়াকে আদি কৰি কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটিৰ শেষত প্ৰধান বিজ্ঞানী ডঃ নিৰঞ্জন ডেকাই শলাগৰ শৰাই আগবঢ়ায় ।