বিশ্বনাথ জিলা আৰু লখিমপুৰ জিলাৰ সীমান্তত অৱস্থিত বিদ্যা ভাৰতীৰ দ্বাৰা পৰিচালিত ৰাজহুৱা খণ্ডৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন হাৱাজান । লখিমপুৰ আৰু শোণিতপুৰ জিলাৰ একাংশ বৌদ্ধিক সমাজৰ চিন্তাচৰ্চাত ১৯৯৮ চনত হাৱাজানত প্ৰতিষ্ঠা লাভ কৰা নিকেতন খনৰ ছাত্ৰ-ছাত্ৰীক পুথিগত শিক্ষাৰ সমান্তৰালভাৱে আধ্যাত্মিক শিক্ষা,সাংস্কৃতিক শিক্ষা,ক্ৰীড়া আৰু ব্যৱহাৰিক শিক্ষাৰে মানৱসম্পদ গড় দিয়াত বদ্ধপৰিকৰ অনুষ্ঠানটিৰ কৰ্তৃপক্ষ ৷ আধুনিক প্ৰযুক্তিৰ জৰিয়তে শিক্ষাৰ মানদণ্ড উন্নীতকৰণৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি হাৱাজান শিশু নিকেতনত সম্প্ৰতি নতুনকৈ উপলব্ধ কৰা হৈছে ডিজিটেল পদ্ধতিৰ শ্ৰেণী কক্ষ ৷ তুৰাম্বিত গতিৰে নিৰ্মীয়মাণ অৱস্থাত আছে শংকৰদেৱ শিশু নিকেতন হাৱাজানৰ অত্যাধুনিক ভৱন ৷ গুজৰাট চুৰাটৰ মাতুশ্ৰী কাচিবা হৰিভাই জ্যোতি চেৰিটেবুল টাষ্টতে সম্পূৰ্ণ নিজাববীয়াকৈ প্ৰায় ৬০ৰ পৰা ৭০ লাখ টকাৰ ব্যয়ৰে নিকেতন খনি নিৰ্মাণৰ দায়ীত্ব লৈ নিৰ্মাণ কাৰ্য অব্যাহত আছে ৷ ২০২৬-২৭ শিক্ষা বৰ্ষতে হাৱাজান শিশু নিকেতনৰ নিৰ্মাণৰত কাৰ্য সম্পূৰ্ণ হ’ব বুলি জানিব পৰা গৈছে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবৰ্তীণ হোৱা দিনধৰি প্ৰত্যেক বছৰেই শিক্ষানুষ্ঠানটিৰ ১০০ শতাংশ ছাত্ৰ-ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিকেতন খনৰ লগতে অঞ্চলতোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.