আদিবাসী যুৱ-ছাত্ৰ সন্থাঃ অসম (আইছা) হিতাধিকাৰীৰ আৰ্থিক সাহায্যৰ পূৰ্ণাঙ্গ তালিকা প্ৰকাশৰ দাবী
চাইন অন ডেস্ক:
চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগে শ্বহীদ দয়াল দাস পানিকা স্ব-নিয়োজন আঁচনিৰ অধীনত চাহ জনগোষ্ঠী আৰু আদিবাসী ছাত্ৰ-ছাত্ৰীসকলৰ জলপানি আৰু শিক্ষিত নিবনুৱা যুৱ-যুৱতীসকলক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। এই আঁচনি মূলত আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যুৱ সমাজক আত্মনির্ভৰশীল কৰি তুলিবলৈ আৰু শিক্ষাৰ ক্ষেত্ৰত উৎসাহ যোগাবলৈ গ্ৰহণ কৰা হৈছে। কিন্তু দুখৰ বিষয় যে এই আঁচনিৰ অধীনত যিসকল হিতাধিকাৰীক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে তেওঁলোকৰ পূৰ্ণাঙ্গ তালিকা এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই।

আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যুৱ-যুৱতীসকলৰ বাবে এই আঁচনি অতি গুৰুত্বপূৰ্ণ। সেয়েহে কোন কোন যুৱক-যুৱতীয়ে এই সাহায্য লাভ কৰিলে সেই বিষয়ে সম্পূৰ্ণ তথ্য জনাটো তেওঁলোকৰ ন্যায্য অধিকাৰ। যদি এই তথ্য গোপন কৰি ৰখা হয় তেন্তে ইয়াৰ জৰিয়তে বহু প্ৰকৃত যোগ্য আবেদনকাৰী বঞ্চিত হোৱাৰ আশংকা থাকে। সেয়েহে এই ক্ষেত্ৰত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাটো সংশ্লিষ্ট বিভাগৰ দায়িত্ব।
এই পৰিপ্ৰেক্ষিতত আদিবাসী যুৱ-ছাত্ৰ সন্থা, অসম (আইছ) শ্ৰম আৰু চাহ জনজাতি-আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰুপেশ গোৱালাক দাবী জনায় যে শ্বহীদ দয়াল দাস পানিকা স্ব-নিয়োজন আঁচনিৰ অধীনত এতিয়ালৈকে আৰ্থিক সাহায্য লাভ কৰা সকলো হিতকাৰীৰ সম্পূৰ্ণ নামৰ তালিকা অতি শীঘ্ৰে ৰাজহুৱা কৰা হওক। লগতে ভবিষ্যতেও এই আঁচনিৰ অধীনত হিতকাৰী নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়া স্বচ্ছ, ন্যায়সংগত আৰু সকলোৰে বাবে সমান সুযোগ নিশ্চিত কৰি চলাব লাগে।
যদি এই বিষয়ত শীঘ্ৰে স্পষ্টতা আৰু স্বচ্ছতা নিশ্চিত কৰা নহয়, তেন্তে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যুৱ সমাজৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত আইছা ই আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলনৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সতৰ্কবাণী প্ৰদান কৰা হৈছে।
