...

ৰঙিয়া ষ্টেচন ৰোডত ভয়ংকৰ অগ্নিকাণ্ড

Spread the love

ৰঙিয়া ষ্টেচন ৰোডত ভয়ংকৰ অগ্নিকাণ্ড

চাইন অন ডেস্ক:

ৰঙিয়া ষ্টেচন ৰোডত ভয়ংকৰ অগ্নিকাণ্ড।লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত। ৰঙিয়া ষ্টেচন ৰোডত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।ষ্টেচন ৰোডস্থিত মহিন্দৰ শৰ্মা আৰু মনোজ শৰ্মাৰ কাপোৰৰ দোকানত হঠাৎ জুই লাগি লক্ষাধিক টকাৰ সা-সম্পত্তি সম্পূৰ্ণৰূপে বিনষ্ট হয়।দোকান দুখনৰ পৰা উদ্ভৱ হোৱা জুই ক্ষন্তেকতে অধিক দোকানলৈ বিয়পি পৰাত সমগ্ৰ ষ্টেচন ৰোড অঞ্চলত আতংকময় পৰিৱেশৰ সৃষ্টি হয়।স্থানীয় লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয়। খবৰ পোৱাৰ পিছত দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা চলায়। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে নিশ্চিত নহয় যদিও ক্ষয়ক্ষতিৰ পৰিমাণ লক্ষাধিক টকা বুলি অনুমান কৰা হৈছে। ঘটনাক লৈ স্থানীয় ব্যৱসায়ী সমাজত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *