...

যোগীঘোপাৰ ঘিলাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড

Spread the love

যোগীঘোপাৰ ঘিলাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড

৯০ লক্ষাধিক টকাৰ ক্ষয়ক্ষতি

যোগীঘোপা:

বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত ঘিলাগুৰি বজাৰত যোৱা নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত নিমিষতে কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয় । জানিব পৰা মতে, যোৱা নিশা প্ৰায় ১২ বজাত বজাৰখনৰ মহাদেৱ মণ্ডলৰ ষ্টেচনাৰী দোকানত প্ৰথমে অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয় ।ইয়াৰ পিছতে দপদপকৈ জ্বলি উঠি জুই আন ঠাইলৈ সম্প্ৰসাৰিত হোৱাত কাষতে থকা হোটেল এখনৰ একেলগে দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।লগে-লগে অভয়াপুৰী আৰু যোগীঘোপাৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ বহু সময়ৰ চেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । ইফালে নিশাই বিধায়ক প্ৰদীপ সৰকাৰ , তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কৌশিক দাস উপস্থিত হৈ খা-খৱৰ লয় ।উক্ত অগ্নিকাণ্ডত ১৪ খনকৈ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হোৱাৰ লগতে প্ৰায় ৯০ লক্ষাধিক টকাৰ সা সম্পত্তি ক্ষয়ক্ষতি হয় বুলি জনা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *