দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত বেচিমাৰীত গাঞ্জা সহ এগৰাকী ব্যক্তিক আটক কৰে আৰক্ষীয়ে৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে নিশা দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰ কোঁৱৰৰ নেতৃত্বত আৰু দুধনৈ সমজিলা আৰক্ষী অধীক্ষক নুপুৰ ৰঞ্জন নেওঁগৰ সহযোগত চলোৱা এক অভিযানত দুধনৈৰ নিকটৱৰ্তী বেচিমাৰীত মঙলু সূত্ৰধৰ নামৰ এজন ৬২ বছৰীয়া ব্যক্তিক গাঞ্জা বিক্ৰী কৰি থকা অৱস্থাত হাতে-লোতে ধৰি আটক কৰে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মঙলু সূত্ৰধৰে দীৰ্ঘদিনৰ পৰাই নিজৰ ঘৰতে থকা শিৱ মন্দিৰৰ পৰাই গাঞ্জা বিক্ৰি কৰি আহিছিল৷ অকল গাঞ্জা বিক্ৰিয়েই নহয় মন্দিৰটোত শিশু কিশোৰৰ পৰা বয়সীয়াল লোকৰ বাবে গাঞ্জা সেৱনস্থলীলৈ ৰূপান্তৰ কৰিছিল৷ বেচিমাৰী গাওঁৰক্ষী বাহিনীৰ সভাপতি ত্ৰলোক্য মোহন সূত্ৰধৰে সংবাদ মাধ্যমক কয় যে, পূৰ্বতেও একে অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মঙলু সূত্ৰধৰক গাওঁৰ ৰাইজে দীৰ্ঘদিনৰ পৰাই গাঞ্জা বিক্ৰি কৰি গাওঁৰ পৰিবেশ বেয়া নকৰিবলৈ সকিয়াই দিছিল৷ কিন্তু নিৰ্লজ্য মঙলু সূত্ৰধৰে কথা নুশুনি গাঞ্জা সৰবৰাহ কৰাৰ লগতে নিজৰ ঘৰতে থকা মন্দিৰৰ পৰাই গাঞ্জা বিক্ৰি কৰি খোৱাৰ বাবে বিভিন্ন জনক উদগণি দিছিল৷ মঙলু সূত্ৰধৰৰ এনে কাণ্ডত ৰাইজ অতীষ্ঠ হৈ পৰিছিল৷ বুধবাৰে নিশাৰ ভাগত দুধনৈ আৰক্ষীয়ে অভিযান চলাই মঙলুক আটক কৰাত গাওঁবাসীয়ে আৰক্ষীক ধন্যবাদ জনাইছে৷ আনহাতে বৰবিহ স্বৰূপ গাঞ্জা সৰবৰাহৰ লগত জৰিত আন সকলোকে গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি বিহিবলৈ অনুৰোধ জনাইছে৷ ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ প্ৰেৰক – বেনজিন বড়ো ৷ দুধনৈ ৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.