...

নগৰবেৰা বিলাহপাৰাত অসুস্থ হাড়গিলা উদ্ধাৰ

Spread the love

নগৰবেৰা বিলাহপাৰাত অসুস্থ হাড়গিলা উদ্ধাৰ

চিকিৎসাৰ ব্যৱস্থা প্ৰকৃতিপ্ৰেমীৰ

চাইন অন ডেস্ক:

নগৰবেৰাৰ বিলাহপাৰা গাঁৱত বিলুপ্তপ্ৰায় প্ৰজাতিৰ এটা হাড়গিলা নৰিয়া অৱস্থাত উদ্ধাৰ হোৱাত সকলোৰে মাজত কৌতূহল বিয়পে ।স্থানীয় যুৱক সকলে অসুস্থ চৰাইটো দেখি ততালিকে বন বিভাগক খবৰ দিয়ে। সেইমৰ্মে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় আৰু অসুস্থ চৰাইটোৰ চিকিৎসাৰ বাবে পশু চিকিৎসকৰে যোগাযোগ কৰে।চৰাইটোৰ ঠোঁটৰ লগতে দেহৰ সন্মুখ ভাগত জাক জাক মাখিয়ে আগুৰি থকা দেখি সকলোৱে মুখ গহ্বৰত আঘাত লগাৰ অনুমান কৰিছে।উল্লেখ্য যে হাড়গিলা বিশ্বৰ অতি দুৰ্লভ চৰাইসমূহৰ ভিতৰত অন্যতম আৰু অসমৰ কেতবোৰ স্থানতহে ইয়াৰ বাসস্থান দেখা পোৱা যায় যদিও ৰহস্যজনকভাবে ক্ৰমান্বয়ে চৰাইবিধৰ সংখ্যা হ্ৰাস পাব ধৰিছে।অসুস্থ হাড়কিলাটোৰ যথাযথ চিকিৎসা আৰু শুশ্ৰূষাৰ দিহা কৰি সুস্থ কৰি তোলাৰ বাবে বন বিভাগ তথা সংশ্লিষ্ট পশু চিকিৎসালয় কতৃপক্ষলৈ দাবী জনাইছে প্ৰকৃতিপ্ৰেমী সচেতন ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *