...

যাত্ৰীবাহী মেজিক আৰু ইটাবাহী ট্ৰাকৰ সংঘৰ্ষ

Spread the love

যাত্ৰীবাহী মেজিক আৰু ইটাবাহী ট্ৰাকৰ সংঘৰ্ষ

গুৰুতৰভাবে আহত মেজিকৰ চালক,হেণ্ডিমেণ্ডকে ধৰি চাৰি যাত্ৰী

দূৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখনৰ পলায়ন

ধুবুৰী:

দেওবাৰৰ পুৱাই ধুবুৰী জিলাৰ গৌৰীপুৰৰ সমীপৰ বালাজানৰ কাষেৰে যোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, ধুবুৰীৰ আগমনীৰ পৰা গৌৰীপুৰ অভিমুখী এএছ১৭/বি/৭৯৪৪ নম্বৰৰ এখন যাত্ৰীবাহী মেজিক বাহনৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা এখন ইটাবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়। বালাজানৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাকখন পলায়ন কৰে। অৱশ্যে অঞ্চলটোৰ স্থানীয় ৰাইজৰ তৎপৰতাত গুৰুতৰ ভাবে আহত মেজিকখনৰ চালক-হেণ্ডিমেণ্ডকে ধৰি চাৰিগৰাকী যাত্ৰীক ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *