নগাঁও চহৰত বিদ্যুৎ যোগানৰ নাটনি দূৰ কৰি ১০ হাজাৰ মেগাৱট(2×5Mv) বিদ্যুৎ উৎপন্ন কৰিব পৰা এটি নতুন বৈদুত্যিক নিয়ন্ত্ৰণ কক্ষ কালি মুকলি কৰা হয়। অসম শক্তি বিতৰণ কোম্পানীৰ অধীনৰ নগাঁও সংমণ্ডলৰ অন্তৰ্গত চহৰৰ সমীপৱৰ্তী মধুপুৰত নতুনকৈ নিৰ্মাণ কৰা বৈদ্যুতিক নিয়ন্ত্ৰণ কক্ষটি বুধবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নগাঁও চহৰত কেৱল মাত্ৰ এটি বৈদুত্যিক সংমণ্ডলে বিদ্যুতৰ সা-সুবিধা প্ৰদান কৰি থকাত প্ৰাকৃতিক দুৰ্যোগ অথবা অন্য বিশেষ কাৰণত বিদ্যুতৰ বাবে বহু সময়ত অসুবিধাৰ সন্মুখীন হবলগীয়া হোৱা কথাটো উপলব্ধি কৰি অসম শক্তি বিতৰণ কোম্পানীৰ বিষয়ববীয়া সকলৰ সৈতে যোগাযোগ কৰি নগাঁও চহৰত আৰু এটি বিদ্যুতৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ বাবে আলোচনা কৰে বিধায়ক শৰ্মাই। নিয়ন্ত্ৰণ কক্ষটিৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমিৰ নাটনি হোৱাত মধুপুৰৰ শ্মশান কমিটিৰ লগত আলোচনা কৰি শ্মশানৰ কিছু ভূমিত বিদ্যুতৰ নিয়ন্ত্ৰণ কক্ষটিৰ স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। নগাঁও সংমণ্ডলৰ অধীনত মধুপুৰত সংযোজিত হ’ল বৈদুত্যিক নিয়ন্ত্ৰণ কক্ষটি স্থাপনৰ ফলত লোড শ্বেডিং আৰু কম ভলটেজৰ সমস্যাৰ পৰা নগাঁও চহৰবাসীৰ লগতে পাৰ্শ্বৱৰ্তী ৰাইজে বহুখিনি পৰিত্ৰাণ পাব। নৱনিৰ্মিত বৈদ্যুতিক নিয়ন্ত্ৰণ কক্ষটিৰ জৰিয়তে চহৰবাসীয়ে উন্নত বিদ্যুৎ সেৱা লাভ কৰিবলৈ সক্ষম হব। নিয়ন্ত্ৰণ কক্ষটিৰ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম শক্তি বিতৰণ কোম্পানীৰ নগাঁও সংমণ্ডলৰ মুখ্য প্ৰবন্ধক অভিজিত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম শক্তি বিতৰণ কোম্পানীৰ মহাপ্ৰবন্ধক বিজয় শংকৰ বৰুৱা,নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ,উপ পৌৰপতি সীমান্ত বৰা, বৈদ্যুতিক সংমণ্ডলৰ কাৰ্যবাহী বিষয়া প্ৰাঞ্জল কটকী,মধুপুৰ শ্মশান কমিটিৰ সভাপতি বলীন শইকীয়া,পৌৰ আয়ুক্ত অলকমণি ভট্টাচাৰ্য্যকে প্ৰমূখ্য কৰি বিশিষ্ট ব্যক্তিসকল আৰু বিদ্যুৎ বিভাগৰ বিষয়া,কৰ্মচাৰী সকল আৰু শুভাকাংখী ৰাইজ উপস্থিত থাকে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.