...

*টিংখাঙৰ স্বাস্থ্য খণ্ডত এক নতুন সংযোজন*

Spread the love

*টিংখাঙৰ স্বাস্থ্য খণ্ডত এক নতুন সংযোজন*

টিংখাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ

*২,৪২,৮২,৯৪৫ টকা ব্যয় সাপেক্ষে নিৰ্মিত হ’ব এই চিকিৎসালয়*

*চাইন অন ডেস্ক:*

বছৰৰ আৰম্ভণিতে টিংখাংবাসী ৰাইজলৈ সুখবৰ । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ স্বাস্থ্য খণ্ডত হ’ব এক নতুন সংযোজন।দেওবাৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে টিংখাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্হাপন কৰে । অসম চৰকাৰৰ উদ্যোগ- বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা ইত্যাদি বিভাগ ৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক বিমল বড়াৰ উপস্থিতিত অনুষ্ঠিত এক ভব্য অনুষ্ঠানত এই চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী অশোক সিংহলে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ XV Finance – ৰ ২,৪২,৮২,৯৪৫.০০
টকা পুঁজিৰে নিৰ্মিত হ’ব লগীয়া ৭৭৭ বৰ্গ মিটাৰৰ এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত
LDR (2 কক্ষ),পৰীক্ষা/ট্ৰাইজ ৰুম,এনবিচিচি,মাইনৰ অ’টি,নাৰ্ছ ৰেষ্ট ৰুম,মহিলা ৱাৰ্ড,পুৰুষ ৱাৰ্ড,স্বাস্থ্য আৰু সুস্থতা কক্ষ/বক্তৃতাগৃহ,মেডিকেল ষ্ট’ৰ,অ’পিডি,জৰুৰীকালীন/ড্ৰেছিং ৰুম/ টিকাকৰণ কক্ষ,আয়ুষ অ’পিডি,প্ৰতিষেধক শীতলীকৰণ শৃংখল কক্ষ,পেথ লেব,কাৰ্যালয়, অপেক্ষা কক্ষ,ডায়েটাৰী চাৰ্ভিচেছ ৰুম, ৱাশ্বিং এৰিয়াৰ বাবে ঠাই, ফিডিং কক্ষৰ লগতে আন আনুসংগিক সুবিধা থাকিব। উল্লেখ্য যে, এই নতুন চিকিৎসালয় খনৰ আধাৰশিলা স্থাপনে অনাগত দিনত সমূহ টিংখাং বাসী ৰাইজে গুণগত মান সম্পন্ন স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰাৰ বাট প্ৰশস্ত কৰিব। উল্লেখযোগ্য যে, আধাৰশিলা স্থাপনৰ পিছতে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত ৰাইজক উদ্দেশ্য কৰি কয় যে শকত হোৱাটো এটা বেমাৰ। এইক্ষেত্ৰত প্ৰতিকাৰৰ একমাত্র পথ হৈছে সুখ আৰু শৃংখলিত জীবন যাপন আৰু যোগাভ্যাস বা আন শাৰীৰিক অনুশীলন।

ৰোগৰ চিকিৎসাতকৈ নিৰোগী হৈ থকাটো বেছি গুৰুত্বপূর্ণ।স্বাস্থ্যবান বক্তি সমাজৰ সম্পদ। সেইবাবে আমি শাৰীৰিক ভাবে সক্ৰিয় হৈ থাকিব লাগিব। স্বাস্থ্যবান হৈ থাকিলেহে অসমৰ মানুহ অৰ্থনৈতিক ভাবে শক্তিশালী হৈ থাকিব লাগিব। সেয়েহে প্ৰতিগৰাকী নাগৰিককে নিজৰ বাবে এঘন্টা সময় আছুতীয়াকৈ ৰাখি যোগাভ্যাস, খোজ কঢ়া বা আন শাৰীৰিক অনুশীলনৰ অভ্যাস গঢ়ি তুলিবলৈ সভাত উপস্থিত ৰাইজক আহ্বান জনাই। আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত সচিব ডঃ প্ৰণতি গগৈ, স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱা , ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বৰাৰ লগতে জিলা খনৰ স্বাস্থ্য বিভাগৰ আন শীৰ্ষ বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মুখ্য কাৰ্যালয় আৰু ডিব্ৰুগড় গোটৰ বিষয়া- কৰ্মচাৰীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত স্হানীয় গণ্য মান্য ব্যক্তি, চিকিৎসা কৰ্মী আৰু ৰাইজ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *